নৱবৰ্ষ
বাহাৰুল ইছলাম (শিক্ষক)
বালিজান, মৰিগাঁও
চৌপাশ উদুলি-মুদুলি
বাৰেবৰণীয়া উৎসৱ সৱতে
বিদায় আৰু আদৰাৰ মেলা
পোৱা-নোপোৱাৰ
এক দীঘলীয়া হিচাপৰ যেন সামৰণি।
গ্ৰন্থখনিৰ বাৰটা অধ্যায়
প্ৰতিটো অধ্যায়তে আছে
জীৱনৰ সুখ-দুখৰ চানেকি
আছে আশা আৰু পম খেদা সপোন
শুভ্ৰ কুঁৱলীৰ আঁচলত ধৰি আগবাঢ়িছে
সময়ৰ বুকুত প্ৰৱল হেঁচা
নিগৰিছে ঋতু- বসন্ত
জীৱনৰ আঁৰে আঁৰে বৰষিছে
কত পূৰ্ণ-অপূৰ্ণতাৰ কাহিনী।
কাহানিও হ’ব জানো পৰিৱৰ্তন
যদিহে নকৰোঁ নিজে?
কত আহিছে কত গৈছে
কত আহিব কত যাব
আলসুৱা নৱবৰ্ষ।
পণ লওঁ সৱেমিলি
নৱবৰ্ষৰ শুভক্ষণত
কৰোঁ পৰিৱৰ্তন আপোনক
জগতৰ এলান্ধুৰ পৰা,
কৰোঁ সংস্কাৰ
কু-কৰ্ম আৰু কলুষিত হৃদয়ক।
সুখ শান্তিৰ বাণীৰে
থাকক মনবোৰ ভৰি,
বন্ধুত্বৰ শিকলিডাল
পৱিত্ৰ হওক শুভ্র নিয়ৰৰ দৰে
নিষ্প্ৰভ হৈ থকা আশাবোৰ
কোমল কুঁহিপাত সদৃশ
ঠণ ধৰি উঠক।
সভ্যতাৰ ইতিহাসখনিৰ
যাত্রা থাকক অব্যাহত
পুষ্পবোৰে সুগন্ধি ছটিয়াই
নাইকীয়া কৰক জগতৰ দুৰ্গন্ধ
পূৰ্ণিমাৰ জোনাকৰ দৰে
জ্যোতিৰ্ময় হওক হৃদয়বোৰ।
পুনৰাবৃত্তি নহওক
অভিশপ্ত অতীতবোৰ,
এধাৰি অহিংসাৰ মালা পিন্ধি
কবৰস্থ কৰোঁ হিংসাক
আনন্দৰ জোৱাৰে
ধুই-পখালি নিকা কৰক
জগতৰ বিষাদক।