নৱবৰ্ষ, বনভোজ আৰু কিছু মনৰ অনুভৱ
নাছিৰ আহমেদ,শিমলাবাৰী, গোৱালপাৰা
নৱবৰ্ষক লৈ আমাৰ দেশত আবাল-বৃদ্ধ-বনিতাৰ উৎসাহ -উদ্দীপনাৰ শেষ নাই। নৱবৰ্ষক আদৰিবলৈ সকলোৱে বৰ্ণ-বৈচিত্ৰময় সাজ-পোছাক আৰু ন ন খাদ্য সম্ভাৰেৰে উলাহ-বিলাহৰে সাজু হয়। নৱবৰ্ষক লৈ চলে নানা জল্পনা-কল্পনা। বিগত বৰ্ষটোৰ হিচাপ-নিকাচো হয়।
যুগে যুগে ইংৰাজী নৱবৰ্ষক লৈ বিশ্ব বৰেণ্য কবিৰ পৰা নৱ প্ৰজন্মৰ কবি সকলে কবিতা সৃষ্টি কৰাও পৰিলক্ষিত হৈছে। ইংৰাজ ভাষাৰ কবি এলিজাবেথ ছিওৱেলয়ে ( Elizabeth Sewell) New Year Resolutions কবিতাটিত লিখিছে–
” I will drain
Long draughts of quiet
As a purgation ;
Remember
Twice daily
Who am am ;
Will lie o’ nights
In the bony arms
Of Reality and comforted.”
এই কবিতাটিত কবিয়ে জনসাধাৰণে কেনেকৈ নৱবৰ্ষক উদ্ যাপন কৰে, তাক দেখুৱাই দিছে। তেওঁলোকৰ মতে এয়া কেৱল নৱবৰ্ষক জাকজমকতাৰে পালন কৰাৰ সময় । জনসাধাৰণৰ অতীতৰ কৰ্মৰাজিক লৈ ভৱাৰ বৰ্তমান অৱকাশ নাই।
I shall Go back in the New Year ” নামৰ কবিতাটিত কবি নীলিম কুমাৰৰ কবিতাটিৰ মাজেৰে এটি নতুনত্বৰ সোৱাদ পোৱা যায়।
যেতিয়া নৱবৰ্ষত মানুহে অত্যাধুনিক বস্তু সামগ্ৰী কিনে , কবিয়ে তেওঁৰ পুৰণি নতুন মডেলৰ কাৰ খন বিক্ৰী কৰি এখন চাইকেল কিনিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ; যাতে পৰিৱেশ প্ৰদূষণৰ পৰা আমাৰ ভূমণ্ডল ৰক্ষা পৰে।
বিশ্ব কবি ৰবীন্দ্ৰনাথ ঠাকুৰে নৱবৰ্ষক স্বাগতম জনাই লিখিছে ,
” নিশি অবসান প্রায়,ঐ পুরাতন বর্ষ হয়
আমি আজি ধূলিতলে এ জীর্ণ জীবন করিলাম
বন্ধু হও, শত্রু হও যেখানে যে কেহ রও
ক্ষমা করো আজিকার মতো।”
কবিতার শিরোনাম” নববর্ষে” ।
ৰাতি শেষ হওঁ হওঁ, এই জীৰ্ণ পুৰাতন বৰ্ষক ধূলিৰ মাজত বিলীন কৰি দি নৱবৰ্ষক স্বাগতম । বন্ধু হোৱা বা শত্ৰু হোৱা, যিয়ে য’ত আছা , আজিৰ বাবে মোক ক্ষমা কৰি দিয়া।
আধুনিক অসমীয়া কবি পঞ্চানন বড়াই নৱবৰ্ষক স্বাগতম জনাই লিখিছে –
” নতুনকৈ ফুলিছে সোণসেৰীয়া সপোন,
এটি দুটিকৈ আকৌ বাঢ়িছে আশাবোৰ —
কল্পনাৰ পৃথিৱীত যেন
কেৱল ফুল আৰু ফুল
সপোন, আশা আৰু প্ৰেমৰ ফুল—
কাচলি ৰ’দৰ আঁৰেৰে
কুঁৱলীৰ আঁচলত ধৰি তুমি
আগবাঢ়ি আহিছা —
নৱবৰ্ষ তোমাক স্বাগতম —
স্বাগতম স্বাগতম স্বাগতম — !!”
নৱবৰ্ষে কবিক সোণসেৰীয়া সপোন, এটি দুটিকৈ বা আশা আৰু প্ৰেমৰ ফুল উপহাৰ দিছে। কবিয়ে অনুভৱ কৰিছে কাচলি ৰ’দৰ আঁৰেৰে কুঁৱলীৰ আঁচলত ধৰি নৱবৰ্ষ আগবাঢ়ি আহিছে ; সেয়ে কবিয়ে নৱবৰ্ষক স্বাগতম জনাইছে । ” নৱ বৰ্ষৰ আদৰণি” নামৰ মোৰ এটি স্বৰচিত কবিতাত মনৰ অনুভূতি ব্যক্ত কৰিছোঁ এনেদৰে —
কবিতাৰ শিৰোনাম:- নৱ বৰ্ষৰ আদৰণি
কবি;-নাছিৰ আহমেদ, শিমলাবাৰী গোৱালপাৰা
আজি কালি
নতুন বছৰে নিদিয়ে
কোনো আগলি বতৰা ;
কঢ়িয়াই নানে কোনো
সম্ভাৱনাৰ নতুন বীজ !
এতিয়া আৰু ৰাতি নুপুৱায়
আজানৰ মধুৰ ধ্বনি , বা মন্দিৰৰ পূজাৰ ঘন্টাত ;
আজানৰ মধুৰ ধ্বনি , বা মন্দিৰৰ পূজাৰ ঘন্টাত ;
দিন দূপৰতে চোতালে চোতালে
তেজৰ নৈ বয়।
প্ৰতিটো মাহ হয়
একো একোটা সৰাপাত
দিন পঞ্জীত লাগি থাকে
পঁচা মাছৰ দূৰ্গন্ধ !
দিনাংকবোৰৰ বুকুত
ভৰ দি নামি আহে
দুৰ্যোধন-দুঃশাসন হতঁৰ
হত্যা, লুট আৰু ধৰ্ষণ!
২০২৫ ৰ নৱবৰ্ষ যেন হয়
অত্যাচাৰী ৰাৱণৰ অকাল বোধনৰ
শুভ মধুৰ লগন!!”
বৰ্তমান নতুন বছৰে সম্ভাৱনাৰ বীজ কঢ়িয়াই নানে, ৰাতি নুপুৱায় আজানৰ সুমধুৰ ধ্বনি বা মন্দিৰৰ পূজাৰ ঘন্টাত,দিন দুপৰতে চোতালে চোতালে কেৱল তেজৰ নৈ বয়। প্ৰতি মুহূৰ্তে নামি আহে দুৰ্যোধন,দুঃশাসনহতঁৰ হত্যা,লুট আৰু ধৰ্ষণ। সেয়ে কবিয়ে আশা কৰিছে ২০২৫ৰ নৱবৰ্ষ যেন হয়, অত্যাচাৰী ৰাৱণহতঁৰ অকাল বোধনৰ শুভ মধুৰ লগন।”
নৱবৰ্ষৰ লগত জড়িত হৈ আছে বনভোজ(Picnic) পাৰিবাৰিক ভাৱে, সমূহীয়াকৈ বা কোনো অনুষ্ঠান-প্ৰতিষ্ঠানে নৱবৰ্ষৰ দিনটোত বনভোজ খাবলৈ নৈসৰ্গিক সৌন্দৰ্য্যৰে ভৰপূৰ কোনো নৈৰ পাৰত বা পাহাৰৰ আৱেষ্টনীত থকা এটি সৰু বৰ তৰু-তৃণেৰে মায়াময় পৰিৱেশ,বাৰে বৰণীয়া ফল-ফুলৰ সমাবেশ , ৰং-বিৰঙৰ চৰাই-চিৰিকটি কল কাকলি, শিলে শিলে ঠেকা খোৱা কুলু কুলু ধ্বনি মুখৰ কোনো নিৰ্ঝৰণীৰ মনোৰম প্ৰাকৃতিক পৰিবেশত সকলোৱে মিলি জুলি বালিভাত বা বনভোজ খায় আৰু বাদ্য- সঙ্গীতৰ মূৰ্চ্ছনাৰ ছেৱে ছেৱে নৃত্য কৰি , গীত গাই বনভোজ থলী আনন্দমুখৰ কৰি তোলে। পশ্চিমীয়া আৰু হিন্দী গীতৰ ৰেকৰ্ডৰ সৈতে ওঁঠ মিলায়। অসমীয়া বনগীত, বিহুগীত, গোৱালপৰীয়া দেশী আৰু কামৰূপীয়া লোকগীত পৰিৱেশন কৰি কৰি বনভোজৰ আবাল-বৃদ্ধ-বনিতা বিভোৰ হৈ পৰে। কিছুমানে আকৌ সুৰাৰ ৰাগীত মতলীয়া হৈ মুহূৰ্তবোৰ ৰঙীন স্বপ্নময় আৰু ৰোমান্টিক কৰি তোলে।
সেয়ে,প্ৰতি বছৰে নৱবৰ্ষৰ দিনটোৱে যেনেকৈ , এপিনে আনন্দ-বিনোদন আৰু নতুন উদ্যমৰ সৃষ্টি কৰে, আনপিনে বনভোজ খাবলৈ গৈ বহুতো উদণ্ড ফুল কুমলীয়া কিশোৰ-কিশোৰী, যুৱক-যুৱতী আৰু বয়োজ্যষ্ঠ ব্যক্তিয়ো কু-কৰ্ম, অপ-কৰ্মত লিপ্ত হয়, প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ঠাইসমূহ লেতেৰা কৰে, অতিৰিক্ত মদ্যপান কৰি অশোভনীয় পৰিৱেশৰ সৃষ্টি কৰে, বনভোজলৈ যোৱা গাড়ীৰ নিচাসক্ত ড্ৰাইভাৰে গাড়ীৰ নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনা ঘটোৱাৰ বাবে বনভোজলৈ যোৱা বহুত যাত্ৰীয়ে অকাল মৃত্যুকো আকোঁৱালি ল’ব লগীয়া হয়। তাৰ ফলত নৱবৰ্ষৰ দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কান্দোনৰ ৰোল উঠে।
গতিকে, যদিও পুৰণিক বিদায় দি নৱবৰ্ষক স্বাগতম জনাই ৰাজ্যৰ আপাম’ জনতাই নৱ উদ্যমেৰে, নৱ সংকল্প লৈ উন্নতিৰ পথত আগুৱাই যাবলৈ দৃঢ় সংকল্প গ্ৰহণ কৰে, একঘেয়ামী জীৱনৰ পৰা অৱসৰ লৈ বনভোজ খাবলৈ গৈ প্ৰকৃতিৰ সৈতে একাত্মবোধেৰে নৱ জীৱনৰ পাতনি মেলে, তথাপি কিছু সংখ্যক ব্যক্তিৰ উচ্ছৃংখল অপ-কৰ্মৰ বাবেই নৱবৰ্ষটি কাৰো কাৰো বাবে হৈ পৰে এক অভিশপ্ত কৰুণ জীৱন-যন্ত্ৰণা !