নৱবৰ্ষ উপলক্ষে কইনাধৰাত সাংবাদিকসকলৰ সৈতে ‘নতুন দিনৰ আলাপ’ত মিলিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা
ৰঙিলী বাৰ্ত্তাসেৱা- নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কইনাধৰাস্থিত ১নং ৰাজ্যিক অতিথিশালাত সাংবাদিকসকলৰ সৈতে ‘নতুন দিনৰ আলাপ’ত মিলিত হয়।মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ‘নতুন দিনৰ আলাপ’ত মিলিত হৈ বিদায়ী ২০২৪ বছৰটো প্ৰাপ্তিৰ বৰ্ষ হিচাপে অভিহিত কৰি কয় যে বছৰটোত ৰাজনৈতিকভাৱে বিশেষ মাইলৰ খুঁটিত থিয় হ’ব পাৰিছোঁ। প্ৰশাসনৰ ক্ষেত্ৰত উচ্চতম স্তম্ভ হৈছে টাটাৰ ছেমিকণ্ডাক্টৰৰ বিনিয়োগেৰে অসমত নতুন যুগৰ আৰম্ভণি হৈছে। এই উদ্যোগটোৱে বছৰি ৪৮ মিলিয়ন চিপছ তৈয়াৰ কৰিব। ২৭ হাজাৰ কোটি বিনিয়োগেৰে স্থাপন হোৱা এই উদ্যোগটোরে প্রত্যক্ষ আৰু পৰোক্ষভাৱে প্রায় ৩০ হাজাৰ লোকক সংস্থাপন দিব। অসমৰ জাগীৰোডত ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ লগে লগে গুজৰাট আৰু তামিলনাডুৰ সৈতে অসমে ঔদ্যোগিক খণ্ডত প্ৰৱেশ কৰিব পাৰিলে। যোৱা বছৰটোতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ঐকান্তিক প্রচেষ্টাত চৰাইদেউৱে বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভ কৰিলে। যোৱা অক্টোবৰ মাহত অসমীয়া ভাষাই ধ্রুপদী ভাষাৰ মৰ্যাদা লাভ কৰিলে। এতিয়া ইউনিক’ডত অসমীয়া লিপি আওতালৈ অনাৰ বাবেও প্ৰাৰম্ভিক প্রচেষ্টা আৰম্ভ কৰা হৈছে। যোৱা বছৰটোতে লাচিত বৰফুকনৰ সমাধিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বীৰ লাচিত বৰফুকনৰ বিশাল প্রতিমূর্তি উন্মোচন কৰে। যোৱা বছৰটোতে কৰা অসম মন্ত্রীসভাৰ সম্প্ৰসাৰণত মন্ত্রীসভাখন সুষমভাৱে বিতৰণ কৰা হয় যাতে অসমৰ প্ৰতিটো ভৌগোলিক অঞ্চল প্রতিনিধিত্ব হয়। সেই অনুসৰি উজনি অসমৰ পৰা ৬জন, নামনি অসমৰ পৰা ৪জন, উত্তৰ অসমৰ পৰা ২জন, বৰাক আৰু পাৰ্বত্য অঞ্চলৰ পৰা ৩জন মন্ত্রী মন্ত্রীসভাত অন্তর্ভুক্ত কৰা হৈছে। যোৱা বছৰটোত ২৩ ডিচেম্বৰলৈ মুঠ ১৪৫খন কেবিনেট বৈঠক অনুষ্ঠিত কৰা হয়। সেই কেবিনেটত মুঠ ১,৯২২টা সিদ্ধান্ত গ্রহণ কৰা হয় আৰু ইয়াৰে ১,৮৭৬টা সিদ্ধান্ত কার্যকৰী হৈছে। সিদ্ধান্ত কাৰ্যকৰীৰ হাৰ ৯৭.৬১ শতাংশ। ই-কেবিনেট বৈঠক সম্পন্ন হৈছে অসমৰ বিত্তীয় পৰিৱেশ সুস্থিৰ হৈছে। ২০২৮লৈ মিলিয়ন ইক’নমিলৈ ৰূপান্তৰিত হ’ম। অসমৰ জিডিপি দেশৰ ১৭নং স্থানত আছে। সেইদৰে দৰিদ্ৰতা নির্মূলৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা অভিলাষী আঁচনি অৰুণোদয়ৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম চৰকাৰৰ এই আঁচনিখনক মডেল হিচাপে লৈ কর্ণাটক, মহাৰাষ্ট্ৰ, মধ্যপ্রদেশ, ঝাৰখণ্ড আৰু পশ্চিমবংগই আঁচনি কৰিছে। বিভিন্ন ৰাজ্যৰ পৰা এতিয়াও বিষয়াৰ দল এই আঁচনিখন অধ্যয়নৰ বাবে আহি আছে। নিযুত মইনা আঁচনিখনেও ইতিমধ্যে দেশৰ বিভিন্ন ৰাজ্যৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে অহা বছৰটোত ১০খন ৰাজ্যই এই আঁচনিখন গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ সন্মিলনতো এই বিষয়ে আলোচনা হৈছে। বছৰটোত ৰাজ্য চৰকাৰখনে বিভিন্ন খণ্ডত কৰা কাম-কাজৰো বিস্তৃত খতিয়ান মুখ্যমন্ত্রীগৰাকীয়ে দাঙি ধৰে। ২০২৫ বর্ষটোত হ’বলগীয়া তথা ৰাজ্য চৰকাৰে কৰিবলগীয়া বিভিন্ন আন্তঃগাঁথনি তথা কাম-কাজৰ বিষয়ে আলোকপাত কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে জাগীৰোডত পূর্ণগতিত এলএগুটিয়ে নির্মাণকার্য চলাই থকা ছেমিকণ্ডাক্টৰ উদ্যোগ এই বছৰৰ শেষৰফালে মুকলি হোৱাৰ সম্ভাৱনা আছে। সেইদৰে এই নতুন বছৰটোতে গহপুৰ-নুমলীগড় সংযোগী সুৰংগ পথৰ কাম আৰম্ভ হ’ব। ৮ হাজাৰ কোটি টকা ব্যয়েৰে ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ কাজিৰঙা এলিভেটেড কৰিড’ৰৰ নিৰ্মাণৰ কামো নতুন বছৰটোতে আৰম্ভ হ’ব। বৰাপানীৰ পৰা কাছাৰৰ পাঁচগ্রামলৈ এক্সপ্ৰেছ হাইবে’ নিৰ্মাণৰ প্রক্রিয়াও পূর্ণগতিত চলি আছে আৰু ৩২ হাজাৰ কোটি টকাৰে হ’বলগীয়া এই প্রকল্প অহা তিনি-চাৰি মাহৰ ভিতৰতে কেন্দ্ৰৰ পৰা অনুমোদন লাভ কৰা হ’ব। অহা ফেব্ৰুৱাৰী মাহত নাৰেংগী-কুৰুৱা সংযোগী দলং, মৰিগাঁও-দৰং সংযোগী দলঙৰ কাম আৰম্ভ হ’ব। গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বাৰ্মা সেতু এই বছৰৰে জুন-জুলাইত শুভ উদ্বোধন কৰা হ’ব। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন শিতানৰ প্ৰায় এক লাখ কোটি টকাৰ পথ আৰু ৰে’লৱে কামো ইতিমধ্যে আৰম্ভ হৈছে। ৪৩ কোটি টকাৰ বহিঃসাহায্যপ্রাপ্ত প্ৰকল্পৰ কামো চলি আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে যোৱা দুটা বছৰত এপিডিচিএলে ৬০০ কোটি টকা লাভৰ মুখ দেখিছে। এপিডিচিএলে লাভ কৰা এই ধনেৰে বিদ্যুতৰ দাম হ্ৰাস কৰি ৰাইজক ওভতাই দিব। এই বছৰটোতে প্রতি ইউনিট বিদ্যুতৰ মাচুল ৫০ পইচাৰ পৰা ডেৰ টকালৈ হ্রাস কৰা হ’ব। নামনি কপিলী জলবিদ্যুৎ প্রকল্পও এই বছৰটোতে আৰম্ভ কৰা হ’ব। ৪০০ কোটি টকা ব্যয়েৰে গহপুৰত কনকলতা বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ কামো এই বছৰটোতে আৰম্ভ কৰা হ’ব। সেইদৰে এই বছৰটোতে ৰেচন কার্ড থকা পৰিয়ালক কম দামত দাইল, নিমখ আৰু চেনি যোগানৰ ব্যৱস্থা কৰা হ’ব। ৰেচনৰ দোকানৰ জৰিয়তে এই সামগ্ৰীসমূহ প্ৰদান কৰা হ’ব। ৰাজ্যত ২৫০ কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ কামো আৰম্ভ কৰা হ’ব, যিবোৰ স্থানত আজিলৈকে মথাউৰি নাছিল তেনে স্থানত এই মথাউৰি নিৰ্মাণ কৰা হ’ব। নতুন বছৰটোতে ইষ্ট-ৱেষ্ট কৰিড’ৰৰ কাম সম্পূৰ্ণ হ’ব। তেতিয়া শিলচৰৰ পৰা হাফলং হৈ গুৱাহাটীলৈ স্থলপথ মুকলি হ’ব। অহা জুলাই মাহত গুৱাহাটী বিমানবন্দৰো উদ্বোধন কৰা হ’ব। অসমত ডিফেঞ্চ কৰিড’ৰো নিৰ্মাণৰ চিন্তা-চৰ্চা কৰি থকা হৈছে। নতুন বছৰটোতে মেডিকেল আৰু ইঞ্জিনীয়াৰিঙৰ বাবে অসমীয়া ভাষাত পাঠ্যপুথি প্ৰণয়ন কৰা হ’ব। চৰকাৰে কৃষকৰ পৰা পোনপটীয়াকৈ ধান, সৰিয়হ ক্ৰয়ৰ পাছত অহা বছৰ দাইলো ক্ৰয়ৰ পদক্ষেপ ল’ব। তেওঁ বৰ্তমানলৈকে অসম চৰকাৰে ১,২৪,৬৮০ গৰাকীক নিযুক্তি দিয়াৰ কথা উল্লেখ কৰি কয় যে, এই নিযুক্তি সম্পূৰ্ণ নিকা আৰু স্বচ্ছতাৰে বাধাহীনভাৱে সম্পন্ন হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত অপৰাধজনিত ঘটনাৰ সংখ্যা হ্ৰাস পোৱাৰ কথা উল্লেখ কৰি কয় যে, ‘‘অসমত অপৰাধজনিত গোচৰৰ সংখ্যা হ্ৰাস হৈছে। মহিলাৰ বিৰুদ্ধে গোচৰৰ সংখ্যা হ্ৰাস হৈছে। ইফালে ৰাজ্যৰ নাৰীজনিত অপৰাধৰ সংখ্যা হ্ৰাস হৈছে বুলি উল্লেখ কৰি ড০ শৰ্মাই আৰু কয়, ‘‘ অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ ৮২.১৯ শতাংশ হ্ৰাস হৈছে। বাল্য বিবাহৰ বিৰুদ্ধে মুঠ ৭৩৬১টা গোচৰ ৰুজু কৰা হৈছে।তেওঁ উল্লেখ কৰা অনুসৰি ৰাজ্যত নাৰীজনিত অপৰাধৰ গোচৰত ৫৯৭৮ জনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰু ৫৫৭৭ জনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে। ২০২৪ ৰ ২৯ ডিচেম্বৰ পৰ্যন্ত ৰাজ্যত বাল্য বিবাহ সম্পৰ্কীয় ৫৫৩ টা গোচৰ ৰুজু হৈছিল। এই গোচৰত ৬৪২ জনক গ্ৰেপ্তাৰ কৰা হয়। ইপিনে বিদায়ী বছৰটোৰ শেষৰভাগত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কৰা ভূটান ভ্ৰমণৰ সফলতাৰ বিষয়ে উল্লেখ কৰি কয় যে ভূটানত ৫০০ মেগাৱাট আৰু অৰুণাচল প্রদেশত ৫০০ মেগাৱাটৰ দুটা জলবিদ্যুৎ প্রকল্প আৰম্ভ কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে ভূটান আৰু অৰুণাচলৰ সৈতে আলোচনাত মিলিত হৈছে। এপিডিচিএলে সেই প্রকল্প দুটাত বিদ্যুৎ উৎপাদন কৰিব আৰু ১০০ শতাংশ বিদ্যুৎ অসমে লাভ কৰিব। গুৱাহাটীৰ পৰা গেলেফুলৈ কোকৰাঝাৰ হৈ এটা ৰে’লপথ নিৰ্মাণ কৰাৰ লগতে বঙাইগাঁৱৰ পৰা গেলেফুলৈ ছয়লেনযুক্ত এটা পথ নিৰ্মাণ কৰিব। ভূটানৰ পানী জলসিঞ্চন, খোৱাপানী যোগানকে ধৰি বিদ্যুৎ উৎপাদনলৈকে সকলো ক্ষেত্রতে ব্যৱহাৰৰ বাবে ভূটানে অসমক অনুমতি প্রদান কৰিছে।