নৱবৰ্ষৰ আদৰণি আনন্দেৰে কৰোঁ আহকচোন – প্ৰাণ প্ৰতিমা বড়া

মনৰ অনুভৱ

নৱবৰ্ষৰ আদৰণি আনন্দেৰে কৰোঁ আহকচোন

প্ৰাণ প্ৰতিমা বড়া,গুৱাহাটী

নৱবৰ্ষৰ আদৰণি সকলোৰে জীৱনলৈ সুখেৰে আগমন হওঁক ৷ নৱবৰ্ষৰ আনন্দ , উল্লাসৰ হাবিয়াসবোৰ সুখৰ হওঁক ৷ কিন্তু আজিৰ দিনবোৰ জটিলতাৰ গহ্বৰত সোমাই পৰাৰ লগতে ম্লান পৰিছে আনন্দ উল্লাস ৷ যোৱা দুবছৰৰ আগৰ অভিজ্ঞতা এটাই আজিও বুকুত শিপাই এটি অনাকাংক্ষিত বিপদৰ ৷ ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত আমি ভন্তিহতঁৰ পৰিয়ালৰ সৈতে মেঘালয়ৰ উকিয়ামলৈ যাত্ৰা কৰিলোঁ ৷ ঘৰতে কিছু খোৱা বস্তু ৰেদি কৰি নিছিলোঁ ৷ উকিয়ামলৈ যোৱা ৰাস্তাটো সৰু আৰু ঠেক ৷ পাহাৰীয়া ৰাস্তা কিছু অকোঁৱাপকোঁৱা ৷ আমি আনন্দ, উল্লাসেৰে ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিন হেঁপাহেৰে উদযাপন কৰিবলৈ বুলি গৈছিলোঁ উকিয়ামলৈ ৷ ৰাষ্টাটো ইমান সৰু আৰু ঠেক আছিল যে দুখন গাড়ী মুখামুখিকৈ বৰ সহজতে পাৰ হ’ব নোৱাৰা অৱস্থা ৷ সেই অকোঁৱাপকোঁৱা ৰাষ্টাৰে আমি আগুৱাই গৈ আছিলোঁ কিন্তু বিপৰীত দিশৰপৰা অহা এখন গাড়ী আমাৰ গাড়ীৰ সন্মুখত আগভেটি ধৰিলে ৷ আমাৰ গাড়ী লাহেলাহে গৈ আছিল যদিও বিপৰীত দিশৰপৰা অহা গাড়ীখনৰ স্পীড কন্ট্ৰোলত নাছিল ৷ আমি বুজিব পৰা নাছিলোঁ কি হ’বলৈ গৈছে ৷ হৰ্থাতে বিপৰীত দিশে অহা গাড়ীখনৰ কেইজনমান যুৱকে সম্পূৰ্ণ নিচাসক্ত অৱস্থাত আমাক ৰাষ্টা এৰি নিদি অভব্য আচৰণ কৰিবলৈ লয় ৷ সিহঁতক আমি কোনো প্ৰত্যুত্তৰ নিদি আমাৰ গাড়ী পিছুৱাই ৰাষ্টাৰ কাষলৈ নি সিহঁতক যাবলৈ দিয়াত যেনিবা পৰিবেশটো ঠিক হ’ল ৷ এতিয়া কথা হ’ল আমি সিহঁতৰ লগত যদি উত্তৰা-উত্তৰি কৰিলোঁ , চিটুৱেচনটো বাৰু কি হ’লহেঁতেন? কিয়নো পাহাৰীয়া ঠাই তাতে আকৌ কোনো মানুহৰ সমাগমেই নাই ৷ সেইদিনাখন আমাৰ লগত ঘটা ঘটনাটোয়ে আমাক শিকালে যে অচিনাকি ঠাইত এনেধৰণৰ মানুহৰ সন্মূখীণ হ’লে এক ডাঙৰ বিপদৰ আশংকা থাকে ৷ এনে পৰিস্থিতিত যিবিলাক মানুহে আৱেগক কন্ট্ৰোল কৰিব নোৱাৰে হয়তো ডাঙৰ বিপদ এটাই কাৰোবাৰ জীৱনলৈ ডাঙৰ বিপদ মাতি আনিলেহেঁতেন৷

গাড়ীখন যোৱাৰ পিছত আমি গোটেইকেইটা মানুহৰ মানসিক অৱস্থা একেবাৰে বেয়া হৈ গ’ল ৷ দিনটো উদযাপন কৰিবলৈ গৈছিলোঁ যদিও আমাৰ সময়খিনি একেবাৰে নষ্ট হৈ গ’ল ৷ ইয়াৰ অৰ্থ এয়া নহয় যে আমি সেই ল’ৰাকেইজনক প্ৰতুত্তৰ দিব নোৱাৰিলোঁহেতেঁন , কিন্তু তেনেধৰণৰ অভদ্ৰ আচৰণ কৰা ল’ৰাকেইজনক প্ৰতুত্তৰ দি নিজৰ বিপদ মাতিবলৈ আমাৰ কাৰোৰে ইচ্ছা নগ’ল ৷ এনেধৰণৰ বহুত মানুহৰ জীৱনলৈ বিপদ মাতি অনা বহুতো ঘটনাই বাতৰিকাকত অথবা নিউজ চেনেলৰ  শিৰোনাম দখল কৰি অহা আমাৰ দৃষ্টিগোচৰ হৈ আহিছে ৷ নৱবৰ্ষৰ উদযাপনহে আমাৰ কাম্য কিন্তু কাৰোবাৰ উশৃঙ্খল তথা অস্বাভাৱিক অৱস্থা এটাই  পৰিবেশ বিনষ্ট কৰিটো আমাৰ কাম্য কেতিয়াও নহয় ৷ সকলোৱে সুস্থিৰ মনেৰে আনন্দ উল্লাসেৰে নৱবৰ্ষক উদযাপন কৰোঁ আহকচোন ৷