নৱজাগৰণ সংঘৰ সম্বৰ্ধনা সভা

নৱজাগৰণ সংঘৰ সম্বৰ্ধনা সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ ধীৰেনপাৰাস্থিত নৱজাগৰণ সংঘৰ উদ্যোগত ৮ জানুৱাৰীত সংঘৰ প্ৰাংগনত এখন ৰাজহুৱা সম্বৰ্ধনা সভা অনুষ্ঠিত হয়৷সংঘৰ সাধাৰণ সম্পাদক প্ৰদীপ কলিতাই উদ্দেশ্য ব্যাখ্যা আৰু আঁত ধৰা সভাত পৌৰোহিত্য কৰে সংঘৰ সভাপতি সঞ্জীৱ দেৱ চৌধুৰীয়ে৷সংঘৰ উপ সভাপতি কুমুদ শৰ্মাই আঁত ধৰা সভাত অঞ্চলটোৰ বিশিষ্ট যুৱ ব্যক্তি নম্ৰতা বৰুৱা,অম্লান বৈশ্য,চাহিল স্বৰ্গীয়াৰী,প্লাবিতা বড়ো,মানসজ্যোতি মালাকাৰক গামোচা,শৰাই,সম্বৰ্ধনা পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়৷সভাত সম্বৰ্ধনা গ্ৰহণ কৰি নিজৰ সফলতাৰ আঁৰৰ অভিজ্ঞতা ব্যক্ত কৰে৷সভাত আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক সুশীল চন্দ্ৰ বৰঠাকুৰে ভাষণত কয়-নিজৰ সন্তানৰ বাবে মাক- দেউতাকে ত্যাগ কৰিব লগা হয়৷জীৱনৰ সংঘাটেই নিজক উজলাই তোলে৷যি কাম কৰে তাৰ আশা বাঢ়ি যায়৷ডিমৰীয়া মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ অধ্যাপক দিগন্ত দৈমাৰীয়ে ভাষণত কয়- বৰ্তমান চৰকাৰী বিদ্যালয়ৰ পৰা প্ৰতিবছৰে কিছু ছাত্ৰ- ছাত্ৰীয়ে অভাৱ অনাটন আদি বিভিন্ন কাৰণত ওলাই গৈ আছে৷এই ছাত্ৰ ছাত্ৰীয়ে অসামাজিক কাম- কাজত লিপ্ত হৈছে৷ইয়াক প্ৰতিৰোধ কৰিব নোৱাৰিলে পাছলৈ ভয়ংকৰ ৰূপ ধাৰণ কৰিব৷সভাত সংঘৰ মুখ্য উপদেষ্টা সুমেৰ সিং গৌড়,উপদেষ্টা কমল খাখলাৰী,কাৰ্যকৰী সভাপতি কংকন কুমাৰ দাস,পদ্মৰাম মালাকাৰ,গণেশপাৰা আঞ্চলিক সাহিত্য সমাজৰ সম্পাদক গকুল বৰুৱা,সভাপতি লংকেশ্বৰ ডেকা,সমাজকৰ্মী কামাখ্যা দাস,শুকমণি বড়ো,বেবী বৈশ্যই ভাষণ দিয়ে৷