অণুগল্প
নৰখাদক
শৈলেন কুমাৰ,মিৰ্জা ( কামৰূপ )
অৰণ্যত বাস কৰা বাঘ এটাই যেতিয়া মানুহৰ তেজৰ সোৱাদ পাই তেতিয়া সেই বাঘটো নৰখাদক হৈ পৰে, অৱশেষত তাক গুলীয়াই মাৰিব লগা হয় ৷ সেই একেই অৱস্থা আজি তোমাৰ হৈছে দুৰ্বল আৰু অসহায় মানুহক তুমি নিজস্ব স্বাৰ্থৰ বাবে ব্যৱহাৰ কৰিছা,অসহায় মানুহবোৰৰ তেজ পিবলৈ আৰম্ভ কৰিছা, ভ্ৰষ্ট সমাজ ব্যৱস্থাত তুমি এটা নষ্ট নৰখাদক, তোমাৰ এতিয়া অন্ত ক’ত ?