নেহৰু ষ্টেডিয়ামত পঞ্চম নৰ্থ ইষ্ট মিডিয়া ক্ৰিকেট
মিডিয়া একাদশৰ জয়লাভ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী নেহৰু ষ্টেডিয়ামত দিছপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত আৰু চিষ্টাৰ মচলাৰ সহযোগত অনুষ্ঠিত পঞ্চম নৰ্থ ইষ্ট মিডিয়া ক্ৰিকেট টুৰ্ণামেণ্টৰ প্ৰথম খন মেচত মিডিয়া একাদশে দিছপুৰ প্ৰেছ ক্লাবৰ বিৰুদ্ধে ৬ উইকেটত জয়লাভ কৰিছে । দিছপুৰ প্ৰেছ ক্লাবে টছত জয়লাভ কৰি নৌশাদ আলীৰ বিস্ফোৰক ৬৬ ৰাণৰ সহায়ত নিৰ্ধাৰিত ১৫ অভাৰত ১৪২ ৰাণ সংগ্ৰহ কৰে । নৌশাদে ২৭ টা বলৰ সন্মূখীন হৈ ৬ টা চাৰি আৰু ৬ টা ছয় কোবায় । তেওঁৰ উপৰি বিশ্বজিৎ ডেকাই ২৭, নয়ন প্ৰতিম কুমাৰ আৰু নৱজ্যোতি তালুকদাৰ উভয়ে ১৭ ৰাণকৈ সংগ্ৰহ কৰে । বলিঙত প্ৰতিপক্ষৰ হৈ ৰবীন দাস, অমিত দাস, বিনয় বাচফৰ আৰু লক্ষ্য গোহাঁইয়ে এটাকৈ উইকেট দখল কৰে ।প্ৰত্যুত্তৰত মিডিয়া একাদশে অমিত দাসৰ দর্শনীয় ৪৩ ৰাণৰ সহায়ত ১৪.৪ অভাৰত ৪ টা উইকেট হেৰুৱাই ১৪৮ ৰাণ সংগ্ৰহ কৰি জয়ৰ লক্ষ্যত উপনীত হয় ।দলটোৰ হৈ ৰবীন দাস আৰু শুভম তৰফাদাৰ উভয়ে ১৭ ৰাণকৈ সংগ্ৰহ কৰাৰ লগতে বিনয় বাছফৰে ১৩ আৰু ভাৰ্গৱ বৈশ্যই ১২ ৰাণ কৰে । বলিঙত দিছ্পুৰ প্ৰেছ ক্লাবৰ হৈ অধিনায়ক দিব্যজ্যোতি দাস, নৌশাদ আলী, মনোজ দুৱৰা আৰু নৱজ্যোতি তালুকদাৰে এটাকৈ উইকেট লাভ কৰে । প্ৰতিযোগিতাৰ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ নাচিৰ গুল খান আৰু বিশিষ্ট ক্ৰীড়া সংগঠক কল্যাণ দাস । কাইলৈ টুৰ্ণামেণ্টৰ ফাইনেল মেচত শ্বিলং প্ৰেছ ক্লাব, মেঘালয়ৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব মিডিয়া একাদশ, অসম ।