নেপথ্য- জয়ন্ত শৰ্মা
জীৱনে জুৰুলা কৰা সুঠাম দেহক
প্ৰতিহত কৰি কত’ ঘাট প্ৰতিঘাট
সজাইছিল ৰণুৱাৰ সাজে,
বাৰুদৰ কেঁচা গোন্ধে আমোল মোলাই থাকে
চয়াময়া প্ৰতিক্ষণ, নিয়তিৰ গান
তথাপিও আশাভৰা আকলুৱা প্ৰাণ।
ৰণত বাগৰি পৰা সুঠাম বীৰৰ
ক্ষতস্থানে বৈ যোৱা তপত ৰুধীৰে কৰা
নিৰ্মম সত্যৰে অকাঁ কুহুমীয়া বোকা,
ঘাম আৰু তেজেধোৱা নিথৰ দেহৰ পৰা
ৰৈ ৰৈ বৈচিল ক’বলৈ থাকি যোৱা
চেনেহে ৰাঙলী কৰা হেঁপাহৰ কথা।
আধাতে হেৰাই যোৱা বতাহ বাউলি কৰা
সৰু সৰু মনবোৰে মনে প্ৰাণে আশা কৰা
নিৰ্বাপিত যৌৱনৰ তুমৰলী প্ৰাণ
হঠাতে বিধৱা হোৱা নিথৰুৱা যুৱতীৰ
নিৰ্বাক সংলাপে লিখা ৰ্দুৰোধ্য ভাষাৰ সেই
আধৰুৱা জীৱনৰ বুকুভঙা গান।
অলেখ আশৰে থাকি, আধাতে নুমাল চাকি
হতবাক অপলক নিমাত নিতাশ
ধৰাৰ সেউজ ফালি ৰুক্ষ মৰুৰ বালি
লেলিহান দাব্যনল মনৰ আকাশ
সময়ে খোদিত কৰে বীৰৰ গৰিমা গাঁঠা,
নিঃস্বাৰ্থ ত্যাগৰ কথা, বীৰত্ব, আত্মবলিদান তথা
বিমল মুৰ্হুত সেই প্ৰত্যয় প্ৰকাশ।