নেদেখা আলোড়ন
সংগীতা ডেকা, ৰঙিয়া
মই সলনি হ’লো যেতিয়া
দৃষ্টিভংগীও সলনি হ’ল
সেই নিঃশব্দ মৰুৰ বুকুখন পঢ়ি চোৱাৰ
বালিৰ কায়াৰে পৰিচায়ক পৰিচয়ৰ
গৰ্ভ বিচৰণ কৰি বুজিলোঁ,
এৰা, ভিতৰ ভাগৰ অশ্ৰু সাগৰখনে দেখোন জীয়াব খোজে,
টোপ টোপ বৰষাৰ ছন্দে ছন্দে
শীতল বৃষ্টিৰ এটি সুৰীয়া গীত হৈ !
কোমল হৃদয়খনে “মৰমেবুকু” বিচাৰে
তাৰ, মৰুৰূপী ওঁঠত আলোক আলিপনৰ অৰ্থে
সেয়ে , মই সলনি হ’লো,
তদ্ৰুপ মোৰ দৃষ্টিভংগীও…