নূপুৰ কালচাৰেল একাডেমীৰ আৰংগেত্ৰম- শাস্ত্ৰীয় নৃত্য মহোৎসৱ

নূপুৰ কালচাৰেল একাডেমীৰ আৰংগেত্ৰম- শাস্ত্ৰীয় নৃত্য মহোৎসৱ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় মাৰ্গীয় নৃত্যৰ প্ৰতিষ্ঠান গুৱাহাটীৰ নূপুৰ কালচাৰেল একাডেমীৰ উদ্যোগত ২১ জুলাইত মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত ভাৰত নাট্যম নৃত্যৰ দীক্ষান্ত আৰংগেত্ৰম আৰু শাস্ত্ৰীয় নৃত্য মহোৎসৱ অনুষ্ঠিত হয়৷অনুষ্ঠানত নূপুৰ কালচাৰেল একাডেমীৰ দহ গৰাকী প্ৰশিক্ষাৰ্থীক আৰংগেত্ৰমৰ জৰিয়তে মঞ্চ প্ৰৱেশৰ অনুমতি প্ৰদান কৰে একাডেমীৰ গুৰু ড° মনীষা দেৱী গোস্বামীয়ে৷একাডেমীৰ মুখ্য পৃষ্ঠপোষক বিজয় চন্দ্ৰ গোস্বামীৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানত ভাৰতৰ সংগীত নাটক একাডেমীৰ একাডেমী ৰত্ন প্ৰাপক,নৃত্যাচাৰ্য যতীন গোস্বামী,সংগীত নাটক একাডেমী বঁটা প্ৰাপক,বিশিষ্ট সত্ৰীয় নৃত্য গুৰু ৰামকৃষ(Ramkrishna) তালুকদাৰ,সংগীত নাটক একাডেমী বঁটা প্ৰাপক,সত্ৰীয় নৃত্য গুৰু অনিতা শৰ্মা,জলসম্পদ বিভাগৰ অৱসৰপ্ৰাপ্ত সচিব,একাডেমীৰ সভাপতি শচীন শৰ্মা,সত্ৰীয় নৃত্য গুৰু ৰুমী তালুকদাৰ,সাংবাদিক অতুল দত্তক সম্বৰ্ধনা জনোৱা হয়৷অনুষ্ঠানত আৰংগেত্ৰম পোৱা দহ গৰাকী ছাত্ৰীয়ে কেবাটিও সুন্দৰ ভাৰত নাট্যম নৃত্য প্ৰদৰ্শন কৰে৷ পুষ্পাঞ্জলি, বিনায়ক স্তুতি, দেৱী স্তুতি, সৰস্বতী বন্দনা, বৰ্ণম, টিল্লানা আদি নৃত্য প্ৰদৰ্শন কৰি উপস্থিত সকলোকে আমোদ দিয়ে৷ আনহাতে,একাডেমীৰ অইন ছাত্ৰী সকলে মহিষাশুৰ মৰ্দিনী স্তোত্ৰম,অৰ্দ্ধনাৰী স্বৰ, ত্ৰীদেৱী, পুষ্পাঞ্জলি, স্বৰাৱলী শ্লোকম, টিল্লানা আদি কেবাটিও নৃত্য প্ৰদৰ্শন কৰে৷অনুষ্ঠানত সূদুৰ ডুবাইৰ পৰা আহি নৃত্যপটিয়সী ৰেশ্মী পাঠিয়াৰে এটি সুন্দৰ মোহিনী আট্টম নৃত্য প্ৰদৰ্শন কৰে৷আন এগৰাকী ডুবাইৰ পৰা অহা নৃত্যশিল্পী ইসিতা নৰেশ বোথ্ৰায়ো ভাৰত নাট্যম নৃত্য শৈলীৰ অভংগ নৃত্য প্ৰদৰ্শন কৰে৷