নুমলীগড় তেল শোধনাগাৰ প্ৰকল্প কাৰ্যকৰীকৰণ কামৰ সৈতে পোনপটীয়াকৈ জড়িত বিষয়া-কৰ্মচাৰীৰ ক্ষেত্ৰত আন্তঃজিলা যাতায়তৰ বিশেষ ৰেহাই

pc Economic Times

জনসংযোগ, অসম (প্ৰেছ বাৰ্তা নংঃ ১২৬)

অনলাইন বাৰ্ত্তাসেৱা – অসম চৰকাৰে ২৬ জুলাই তাৰিখে এক জাননী যোগে জনাইছে যে, নুমলীগড় তেল শোধনাগাৰৰ প্ৰকল্প কাৰ্যকৰীকৰণ কামৰ সৈতে পোনপটীয়াকৈ জড়িত বিষয়া-কৰ্মচাৰীসকলক আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত বিশেষ ৰেহাই দিছে। যোৱা ১৯ জুলাই, ২০২১ তাৰিখে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণে ASDM.28/2021/179 নং জাননী অনুসৰি জাৰি কৰা আন্তঃজিলা যাতায়তৰ নিষেধাজ্ঞা এইসকল লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব। নুমলীগড় তেল শোধনাগাৰ কতৃৰ্পক্ষই এই বিষয়া-কৰ্মচাৰীসকলৰ বাবে প্ৰকল্প কাৰ্যকৰীকৰণ কামৰ সৈতে পোনপটীয়াকৈ জড়িত থকা নিৰ্দিষ্ট পৰিচয় পত্ৰ/প্ৰমান পত্ৰ প্ৰদান কৰিব লাগিব। উল্লেখযোগ্য যে, এই নিৰ্দেশনা অহা ১৫ দিনৰ বাবে বাহাল থাকিব।

ত্ৰি.হা./প্ৰ.কু.দ./ ২৭-০৭-২০২১