অণুগল্পঃ
নীৰৱ যন্ত্ৰণা
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
দেউতা আহিব বুলি দোকমোকালিৰ পৰাই সংগীতাৰ মনটো ফৰকাল হৈ আছে । কলিং বেলটোৰ শব্দ শুনিয়েই তাইৰ হৃদস্পন্দনৰ গতি তীব্ৰতৰ হৈ গ’ল। দুৱাৰখন খুলিয়েই পিতৃক গবা মাৰি ধৰিলে …
পিতৃ : এইবোৰ কিহৰ দাগ মাজনী ?
সংগীতা : অ! এয়া… বাথৰুমত পৰি গৈছিলোঁ পিতাই ( মনতে ভাবিলে , ফাউণ্ডেশ্যনৰ ডাঠ তৰপৰ ওপৰতো পিতাই কেনেকৈ গম পালে?) ।
পিতৃ : ভাষাৰ দৰিদ্ৰতাৰ বাবে একো ক’ব নোৱাৰিলে । যৌতুক দিব নোৱাৰাৰ নৰক যন্ত্ৰণা যে তেওঁৰ কলিজাৰ টুকুৰাটোৱে ভুগিছে ; সেয়া তেখেতে বাৰুকৈয়ে উপলব্ধি কৰিছে …!