নীৰৱ জোনাক – নাচিমা য়াচমিন

নীৰৱ জোনাক 

নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

জোনাক, তুমি নীৰৱ সদায়
তথাপিও,
 পোহৰ বিলাই যোৱা ;
নিশাৰ আন্ধাৰত সজাই সপোন,
মনক গভীৰতালৈ নিয়া।
জানা নে তুমি?  হে জোনাক ;
তোমাৰ মাধুৰী জ্যোতিৰে মোক
প্ৰতি নিশাই মুগ্ধ কৰা,
হৃদয়ত নানাৰঙী সপোন ৰচি
 দিয়া এক সান্ত্বনাৰ চিঠি।
নাথাকা কিয় যিমানেই দুৰণিত,
কিন্তু  অনুভৱ হয় সদায়
ওচৰতেই আছা,,
তোমাৰ উজ্জ্বল পোহৰৰ আঁৰত,
নিজকে বিচাৰি পাওঁ নতুন ৰূপত।