নীৰৱতাৰ আত্ম -চিৎকাৰ
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
নীৰৱতাত উশাহ বন্ধ হৈ মৰে
প্ৰতিবাদ কৰাৰ আত্ম চিৎকাৰ,,,,,
বিষাদত জৰ্জৰিত হিয়াখনিত
অনুভূতিয়ে কৰে তোল পাৰ।
ক’বলৈ বহু কিবাই আছিল,
যদিওঁ কোৱা নহ’ল,
নীৰৱতা অৱলম্বন কৰা হৃদয়খন
অভিমানী হৈ ৰ’ল।
একাকি মনে কান্দে
এবুকু শূণ্যতাত,
কিন্তু,
বিচাৰিলেও যে ওচৰ চাপি
যাব নোৱাৰোঁ,
কাৰণ , এদিন তুমি
আঘাত কৰিছিলা মোৰ
আত্ম – সন্মানত।
ভালপোৱা আৰু আত্ম -সন্মানৰ মাজত
বাচি ল’লো আত্ম -সন্মানক,
ইতিবাচক চিন্তা ধাৰা খিনি
চিৰ যুগমীয়া হওঁক।