নীলা চকুজুৰি – ইলা ভৰালী ডেকা

নীলা চকুজুৰি 

ইলা ভৰালী ডেকা,শুৱালকুছি

সাগৰ নীলা চকুজুৰিৰ
এনে কি মায়া সনা আছে
চকুত চকু পৰি
চাৰি চকুৰ মিলন হলে
কব নোৱাৰাকৈ
বুকুত বাঢ়ি যায় কপনি
বুকুৰ গহন কোনত সাঁচি ৰাখা
মিঠা অনুভৱবোৰ
কৈ দিওঁ কৈ দিওঁ লাগে
মোৰ মনৰ কথাবোৰ
বুজিও নুবুজা তুমি
মোৰ মনৰ অনুভব
চকুৰ পলকতে
সযতনে সাঁচি ৰাখা
হৃদয় খনিত
এতিয়া যে তোমাৰ আধিপত্য
নজনা নুবুজা ‌এয়া
মিঠা শিহৰন ।