নীলমণি ফুকনৰ মৃত্যুত শোক এছ ইউ চি আই (কমিউনিষ্ট) দলৰ

Pc The Janambhumi

নীলমণি ফুকনৰ মৃত্যুত শোক এছ ইউ চি আই (কমিউনিষ্ট) দলৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ প্ৰথিতযশা সাহিত্যিক,কবি জ্ঞানপীঠ বঁটা বিজয়ী তথা আৰ্য বিদ্যাপীঠ কলেজৰ প্ৰাক্তন অধ্যাপক নীলমণি ফকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এছ ইউ চি আই (কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক চন্দ্ৰলেখা দাসে বাতৰি কাকতলৈ দিয়া এক বিবৃতিত কয় যে তেখেতৰ মৃত্যুত অসমৰ সাহিত্য সংস্কৃতি জগতৰ এক অপূৰণীয় ক্ষতি হ’ল। তেওঁ নীলমণি ফুকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।