নিৰু দেৱীৰ স্মৃতিত
ওখ – পাখ আটিল দেহৰ কৰ্মোদম আৰু মানসিক ভাৱে অতি সক্ৰিয় এগৰাকী নাৰী | যাৰ নামেই আছিল নিৰু | দাঁত নাইকিয়া মুখখনিত সদায় লাগি ৰৈছিল এটি প্ৰাণ খোলা হাঁহি | জীৱনত পোৱা সকলোবোৰ বেদনাই ঢাকি ৰাখি হাঁহিটিৰেই সকলোকেই আদৰি নিজৰ কৰি ল’ব পৰা এটি গুণ আছিল তেখেতৰ | দেৰগাঁৱৰ বেতিয়নীত জন্ম গ্ৰহণ কৰি দেৰগাঁৱৰ ৯ নং ৱাৰ্ডৰ কন্দলি পৰিয়াললৈ বোৱাৰী হৈ আহিছিল তেখেত | ৪জন পুত্ৰ আৰু ২ গৰাকী কন্যাক সমাজত প্ৰতিষ্ঠিত কৰিবৰ সময়ত নাছিল তেখেতৰ কাষত বটবৃক্ষ স্বৰূপ স্বামী | বিধবা সাজ লৈয়ে সেই কণ কণ সন্তান কেইটাক নিজৰ অপ্ৰাণ কষ্টেৰে ডাঙৰ কৰাই নহয় আটাইকেইজনেই স্নাতক ডিগ্ৰীধাৰী | মাতৃ হিচাপে দিয়া জ্ঞানৰ বাবেই হয়তু মৃত্যুৰ ওচৰত মাকক হাৰ মানিব নোৱাৰাকৈ আজি দুবছৰে অশেষ যত্ন কৰি জীয়াই ৰাখিব খুজিছিল পুত্ৰ তিনিজনে | কি নকৰিছিল তেওঁলোকে | বিছনাত সম্পূৰ্ণৰূপে অৱস হৈ পৰি থকা দেহটোৰ পৰা যাতে প্ৰাণ পক্ষী উৰি যাব নোৱাৰে তাৰ বাবে ২৪ ঘণ্টাই আলপৈচান ধৰিছিল | এদিন সৰু পুত্ৰক কৈছিলো যে মাজে সময়ে মাক কিবা এটা প্ৰাৰ্থনা গাই শুনাবাচোন | তেওঁৰ স্পষ্ট উত্তৰ ” কি আপুনি আমাৰ মা মৰাটো বিচাৰিছে নেকি ? আমি কষ্ট পোৱা নাই নহয় ! তেওঁ এনেদৰেই থাকক |” বৰ দুখ লাগিছিল মাতৃস্নেহ দেখি | কাৰণ সৰুতেই পিতৃক হেৰুৱাইছিল যে | পো নাতি চাৰিটায়ো আইতাকৰ যত্ন ল’বলৈ কুণ্ঠাবোধ কৰা নাছিল | একো ক’ব নোৱাৰাকৈ পৰি থকা আইতাকে যাতে দুখ নাপাই তাৰ বাবে ভৰি – হাতত ঠায়ে ঠায়ে কোমল গাৰু দি দিছিল | ইমান যত্নৰ বাবেই হয়তু কাকো একো জানিবলৈ নিদিয়াকৈ মনে মনে হাতত সাৰে ভৰিত সাৰে ৩১ ডিচেম্বৰৰ দিনা ৰাতি এই নৰশ্বৰ দেহৰ পৰা প্ৰাণ পক্ষী উৰি গৈছিল নিথৰ দেহটো বিছনাতে এৰি | পুৱা যেতিয়া সেই দেহ শ্মশানলৈ নি চিতাত উঠাব লগা হ’ল তেতিয়া নিহাৰ , পাল্কী , বিতু আৰু ৰিবৰ অৱস্থা কাহিল হ’ল —- ” কেনেকৈনো ইমান আদৰৰ আইতাকৰ দেহটো কাঠ – বাঁহ – খৰিৰ ওপৰত আৰু মাজত সুমুৱাই দিয়ে বাৰু ?’ কিন্তু ই যে চিৰন্তন সত্য | বাস্তৱক স্বীকাৰ কৰিবই যে লাগিব | আজি তেখেতৰ মতস্য স্পৰ্শ | আজিৰ পৰা তেখেৰ উপস্থিতি হৈ পৰিব মাথো এক সোণালী স্মৃতি | তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰাৰ উদ্দেশ্যেৰে নেদেখাজনৰ ওচৰত কৰযোৰে মিনতি জনালো |
ওমঁ শান্তি | ওঁম শান্তি | ওঁম শান্তি |
মঞ্জুষা শৰ্মা