নিসিদ্ধ ঘোষিত সংগঠন,আত্মসমৰ্পণ আৰু চৰকাৰৰ কৰণীয়- সত্যজিৎ গগৈ

Pc The Sentinel Assam
নিসিদ্ধ ঘোষিত সংগঠন,আত্মসমৰ্পণ আৰু চৰকাৰৰ কৰণীয়
অসমৰ নিসিদ্ধ ঘোষিত সংগঠন সমূহৰ সদস্য সকলক চৰকাৰে উপযুক্ত সা-সুবিধা প্ৰদান কৰিব লাগে।যাতে তেওঁলোক পুনৰ ৰাইজৰ সৈতে একেলগে আগবাঢ়ি গৈ পূৰ্বৰ ভুলখিনিৰ শুধৰণি কৰিব পাৰে।সকলো জীৱশ্ৰেষ্ঠ মানুহেই।বনৰীয়া জীৱ জন্তুকেই মানুহে পোহনীয়া কৰি লব পাৰে।মানুহটো নিজেই শ্ৰেষ্ঠ।গতিকে মূল সুঁতিলৈ ঘুৰি অহা সদস্য সকলক চৰকাৰে সা-সুবিধা প্ৰদান কৰি তেওঁলোকক সমাজৰ উন্নতিৰ হকে কৰ্ম কৰিবলৈ সুবিধা দিব লাগে।সেইয়াই হ’ব চৰকাৰৰ বাবে মানৱতাৰ নিদৰ্শন।বহু আত্মসমৰ্পিত সদস্যই নদীৰ কাষৰীয়া চাপৰি অঞ্চলত হাবি-বন কাটি মাটি উলিয়াই খেতি কৰি স্বাৱলম্বিতা হোৱাৰ পথ মুকলি কৰিছে।যিয়ে চৰকাৰৰ অৰ্থনীতিকো সহায় কৰি আহিছে। তেঁওলোককো বৰ্তমানৰ চৰকাৰে সেই ঠাই সমূহৰ পৰা আঁতৰাই দিয়াৰ ব্যৱস্থা কৰিছে।ই অতিকে দুখজনক হোৱাৰ লগতে ভয়ানকো।কিয়নো তেওঁলোকে যদি সা-সুবিধা নাপায় পুনৰ সংগঠনত যোগদান কৰি আগবাঢ়ে।তেতিয়া নিশ্চয় অসমৰ বাবেই ভয়ানক হৈ পৰিব। গতিকে চৰকাৰে সেই সকলক লোকক পুনৰ মানুহ হিচাপে জীয়াই থাকিব পৰাকৈ সুবিধা দিব লাগে।
সত্যজিৎ গগৈ
নাহৰকটীয়া