নিসংগতাৰ মাজত জীৱনৰ বিয়লি বেলা…
নমিতা দাস
শুৱালকুছি শান্তিতোল
এই বিশাল জগতত অগনন প্ৰাণীৰ ভিতৰত একমাত্ৰ মানুহেহে শ্ৰেষ্ট ।গতিকে মানুহৰ জীৱনটো বৰ অনুপম । জন্মৰ পিছৰে পৰা প্ৰতিটো স্তৰ পাৰ হৈ জীৱনৰ বিয়লি বেলাত উপনীত হঁওতে জীৱনৰ সকলো অভিজ্ঞতাৰে পৰিপূৰ্ণ হয় তেখেতৰ দেহ মন। এই স্তৰটো অতিকে স্পৰ্শ কাতৰ স্তৰ বুলি কোৱা হয়। বয়সৰ লগে লগে মানুহৰ স্বভাৱ চৰিত্ৰৰ লগতে ৰুচি বোৰ সলনি হয়। তেতিয়াই খং, অভিমান বৃদ্ধি হয় লগতে পৰিয়ালৰ লোক সকলে যদি তেওঁক অবমাননা কৰিবলৈ লয় তেওঁ মানসিক আৰু শাৰীৰিক ভাবে লাহে লাহে অবনমিত হবলৈ ধৰে । তেতিয়াই জীৱনৰ কোনো কোনো সময়ত নিসংগ বোধ কৰে।কিন্তু জন্মৰ পিছৰে পৰা বিভিন্ন স্তৰ পাৰ হৈ জীৱনৰ অন্তিম আৰু শেষৰ স্তৰত উপনীত হওঁতে নিসংগতাৰ বাবে মনৰ শক্তি আৰু উদ্দম হ্ৰাস পোৱাই নহয় মানসিক ৰোগতো আক্ৰান্ত হোৱা দেখা যায় ।
জীৱনৰ অভিজ্ঞতাৰে পৰিপক্ক হৈ অনেক জ্ঞান লাভ কৰিলেও শাৰীৰিক ভাবে এটি শিশুৰ দৰে হৈ পৰে বয়ো জেষ্ঠ প্ৰতিজন লোক। সংসাৰৰ সমষ্ট দায়িত্ব মূৰ পাতি লৈ যেতিয়া সকলো সমস্যা আৰু দায়িত্ব শেষ হৈ পৰে তেতিয়ালৈ পৰিয়ালৰ ল’ৰা-ছোৱালীবোৰকে ধৰি আন ব্যক্তি সকলে তেওঁলোকৰ নিজৰ জীৱন বা নিজ নিজ পৰিয়ালত একাত্ম ভাবে সোমাই পৰি পৰিয়ালৰ বয়োজেষ্ঠ জনলৈ সময দিবলৈ অসুবিধাত পৰা দেখা যায়। তেতিয়াই বয়োজেষ্ঠ লোকজনে অকলশৰীয়া হৈ পৰে সেই সময়ত সংগীৰ প্ৰয়োজনীতা অনুভৱ হয়।
এই পৰিবৰ্তনশীল পৃথিবীত নিৰন্তৰভাবে নানা পৰিবৰ্তন হৈ আছে।আধুনিকতাৰ গৰাহত পৰি বা কৰ্ম সংস্থাপনৰ বাবেই, নতুবা উচ্চ শিক্ষাৰ বাবেই হওক, আজি কালি যৌথ পৰিয়ালৰ ব্যৱস্থা হ্ৰাস পাবলৈ ধৰিছে । বিশেষকৈ চহৰ অঞ্চলত একক পৰিয়ালত বয়ো জেষ্ঠ জনে সংগীৰ অভাব বাৰুকৈ উপলব্ধি কৰা দেখা যায় । গাওঁ অঞ্চলত একক পৰিয়ালত থাকিলেও ই-ঘৰ – সি-ঘৰলৈ যোৱা, নতুবা নাম প্ৰসংগ , সকাম, বিয়া বাৰুকে ধৰি বিভিন্ন অনুস্থানত বেছিকৈ জড়িত হৈ থাকি নিসংগতা আঁতৰাবলৈ সুবিধা পায় । কোনো কোনো ক্ষেত্ৰত লৰা -ছোৱালী চহৰ মুখী হৈ তেওঁলোকক পৃথিৱীৰ প্ৰথম পোহৰ দেখুওৱা, মুক্ত বতাহলৈ প্ৰথম বাৰৰ বাবে হাতত হাত ধৰি লৈ আহি পৃথিৱী খনৰ লগত চিনাকী কৰি দিয়া ব্যক্তি গৰাকীক পাহৰি পেলোৱা হয় । সময়ৰ নাটনি হৈ পৰে তেওঁৰ লগত একাত্ম হৈ দুআখাৰ কথা পাতিবলৈ । বৰ্তমানৰ সময়ৰ লগত খোজ মিলাই প্ৰতিটো কাম কৰিবলৈ লওতে ঘৰৰ জেষ্ঠ জনৰ লগত আলোচনা কৰা বা কিবা গুৰুত্ব পূৰ্ণ সিধান্ত লওতে তেখেতৰ অনুমতি লোৱা,পৰিয়ালৰ আন সদস্য সকলে কম কৈ গুৰুত্ব দিয়াকে ধৰি সৰু অথচ গাম্ভীৰ্য্য পূৰ্ণ ভুমিকা বোৰৰ পৰা যেতিয়াই তেওক আঁতৰাই ৰখা হয় তেতিয়াই তেখেতে নিসংগতা বোধ কৰে। এনেবোৰ মানসিক অসান্তিৰ বাবেই হয়তো বৃদ্ধাআশ্ৰমৰ উৎপত্তি হ’ল, যাতে জীৱনৰ শেষৰ দিনকেইটাত তিক্ততাৰ পৰা আতৰি লগ-সমনীয়াৰ সৈতে মনৰ শান্তিত জীৱনৰ অন্তিম দিনটো লৈ ফূৰ্তিৰে জীৱনটো অতিবাহিত কৰিব পাৰে । যিহেতু পৰিয়ালৰ সকলোবে বিভিন্ন কামত ব্যষ্ট হ’ব লগা হয় সেই হেতু অকলশৰীয়া হৈ পৰে বয়োজেষ্ঠ জন । পূৰ্বতে কৰা কামৰ পৰাও অবসৰ দিয়া হয় । গতিকে যিবোৰ কাম কৰা যায় তাৰ পৰা আঁতৰি আহিবলৈ আপোনা -আপুনি বাধ্য হব লগিয়া হৈ পৰা দেখা যায়। তেতিয়াই নিসংগ বোধ গম্য হয়। ঘৰ খনৰ পৰিয়ালৰ লগত অকল যে সময়ৰ অভাবে নিসংগ কৰে তেনে নহয় । তেওঁৰ লগত পৰিয়ালৰ লোকে কেনেকুৱা ব্যৱহাৰ কৰে সেই টোৰ ওপৰতো নিৰ্ভৰ কৰিব ব্যক্তি গৰাকীৰ জীৱনৰ বিয়লি বেলা। তেখেতৰ মনৰ কথা জানিবলৈ ইচ্ছা প্ৰকাশ কৰি তেখেতক বন্ধুত্ব পূৰ্ণ মৰমেৰে বান্ধি ৰাখিলে নিশ্বই তেখেতক নিসংগতাই আমনি কৰিব নোৱাৰিব। মুঠতে জেষ্ঠ জনৰ মৰম আদৰ লৈ তেওঁলোকৰ মনৰ অনুভৱ বুজি তেওঁক ফূৰ্তৰে ৰখাটো আমাৰ দায়িত্ব আৰু কৰ্তব্য বুলি ভাবিলে তেওৰ বিয়লি বেলাত নিসংগতা আঁতৰি বৃদ্ধাআশ্ৰমৰ প্ৰয়োজনীয়াতা আহি নপৰিব।