নিশাৰ বুকুত নীৰৱ হাঁহি – নাচিমা য়াচমিন

নিশাৰ বুকুত নীৰৱ হাঁহি

 নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি

আন্ধাৰৰ আৱৰণত নীল গুচিলেই,
তুমি কোৱা, “এইয়া চোৱা;
নিশাৰ নিভাঁজ গহ্বৰত বিলীন আকাশ!”
কিন্তু মই অনুভৱ কৰোঁ
নীলে সাৰ পায়,
আতুৰ উশাহত হৃদয়ৰ গভীৰতা জীপাল কৰি,
সাতোটা দীৰ্ঘনিশ্বাসৰ ভাৰ জুৰি।
তুমি কোৱা, “চোৱা না;
আকাশখন উজ্বলাই ৰখা
চন্দ্ৰমাটি কিমান কমল, কিমান ধুনীয়া!”
কিন্তু জানানে,
তাইজনী একাকীত্ব বিৰহিনী নিশাৰ
বিষাদ-সংগীতৰ একমাত্ৰ সাক্ষী?
তুমি কোৱা, “তোমাৰ হাঁহিটি বৰ মৰমসনা,
এনেদৰেই হাঁহি থাকিবা সদায়!”
কিন্তু জানানে,
হাঁহিৰ চোতালত নীৰৱ কান্দোনৰ স্পন্দন,
তুমি শুনি  পাইছানে কেতিয়া?
শব্দ নাথাকিলেও মনৰ গভীৰতা থাকেই,
অশ্রুৱে যি কয়, সেই ভাষা ক’ত পোৱা যায়?
হাঁহিৰ আঁৰত বিৰহৰ যন্ত্ৰণা,
নীলিমাৰ উকা বুকুৰ শূন্যতা!