নিয়ৰ সৰা ৰাতিপুৱা – আয়নাল হক

নিয়ৰ সৰা ৰাতিপুৱা 
আয়নাল হক,ধুবুৰী 
কোন অভিসাৰিকাৰ
হৃদয় জিনি
পুৱাতে পাতৰ আগত
মুকুতা-মণি হৈ জিলিকি
সৰি পৰ অভিমান কৰি ?
তয়েতো দূবৰিৰ বুকুত
স্নেহৰ দলিচা পাৰি
শৰতৰ শেৱালিক
আলিঙ্গন কৰ
উজাগৰী নিশাক সাক্ষী কৰি !
তোৰ টোপ টোপ শব্দত
নিশাৰ বুকুত উঠে
প্ৰেমৰ ৰাগিণী।
জোনাকৰ স্নিগ্ধতাত
শোভিতা হয় পৃথিৱী
তোৰ ৰূপালী বসন পিন্ধি।
শৰৎ, শীতৰ
তয়েতো নৈশ আভৰণ !
তোৰ উজ্জ্বলতাতে
কবিৰ হৃদয়ত জাগে
অনুভৱৰ উকমুকনি…।