নিজ পুত্ৰক হত্যা কৰি পিতৃয়ে বাছি ল’লে চৰম সিদ্ধান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- গহপুৰৰ সোলেঙীত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা। কণমানি পুত্ৰক হত্যা কৰি নিজেও মৃত্যুৰ পথ বাছি ল’লে গহপুৰৰ সোলেঙীত হৃদয়হীন এজন পিতৃয়ে। বৃহস্পতিবাৰে নৃশংসভাবে নিজ পুত্রক হত্যা কৰি ঘৰৰ পৰা পলায়ন কৰা পুত্ৰহন্তা পিতৃয়ে আত্মহত্যা কৰে। ঘৰৰ পৰা পশ্চিমে প্রায় ডেৰ কিলোমিটাৰ নিলগত বৰঘুলি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা নির্মীয়মাণ আৰ চি চি গৃহৰ ভিতৰত চিপ লৈ আত্মহত্যা কৰা অৱস্থাত প্রত্যক্ষ কৰে স্থানীয় লোকে। জানিব পৰা মতে, বৃহস্পতিবাৰে সন্ধিয়া ৭মান বজাত গহপুৰ থানাৰ অন্তৰ্গত সোলেঙীৰ মৃগাংক শইকীয়াৰ পত্নী ঘৰৰ পৰা কিবা কামত ওলাই যোৱাত আৰু ঘৰত কোনো নথকাৰ সুযোগত পাষাণ পিতৃ মৃগাংক শইকীয়াই নিজ একমাত্র কণমানি পুত্র আয়ুষ্মান ওৰফে ইমনক বিছনাত গাৰুৰে মুখত হেঁচি হত্যা কৰে। নিষ্ঠুৰ পিতৃ মৃগাংক ঘৰৰ মানুহ অহাৰ লগে লগে স্কুটী লৈ পলায়ন কৰে। মৃগাংকৰ পত্নী ঘৰৰ ভিতৰলৈ গৈ বিছনাত পুত্র আয়ুষ্মানক পৰি থকা দেখি মাত দিয়ে। কিন্তু পুত্রক জোকাৰি দিয়াৰ পাছতো কোনো উত্তৰ নোপোৱাত চিঞৰ-বাখৰ লগায়। আয়ুষ্মান বিছনাতে মৃত অৱস্থাত আছিল। ঘটনাৰ বাতৰি পাই পাষাণ পিতৃক ৰাইজে বিচাৰ-খোঁচাৰ কৰে যদিও কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম নহ’ল। ইপিনে ঘৰৰ পৰা ডেৰ কিলোমিটাৰমান দূৰত বৰঘুলিৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা নির্মীয়মাণ আৰ চি চি গৃহত চিপ লৈ আত্মহত্যা কৰা অৱস্থাত প্রত্যক্ষ কৰে। পাছত আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। কি কাৰণে এনেদৰে পুত্ৰক নিজ হাতেৰে হত্যা কৰি নিজেও আত্মহত্যাৰ দৰে চৰমপন্থা ল’ব লগা হ’ল সেয়া ৰহস্য হৈ পৰিছে।