নিজৰ লগত যিমানখিনি আছে তাতে সন্তুষ্ট থাকিবলৈ শিকক
চন্দ্ৰ শেখৰ পৰাজুলী
বিশ্বনাথ চাৰিআলি
কিছুমান কথা কবলৈ বৰ সহজ হৈ পৰে কিন্তু বাস্তৱ জীৱনত প্ৰায়বোৰ কথায়ে সম্পূৰ্ণৰূপে বিপৰীত ধৰণৰ হোৱা পৰিলক্ষিত হয়। মই হয়তো একেবাৰে বহু সহজভাৱে উল্লেখ কৰিছোঁ যে,নিজৰ লগত যিমানখিনি আছে তাতে সন্তুষ্ট থাকিবলৈ শিকক। কিন্তু এই সংসাৰত জীৱন নিৰ্বাহ কৰি থকা প্ৰায়বোৰ মানুহে হয়তো মই কোৱা কথাষাৰৰ একো তাৎপৰ্য আছে বুলি বিবেচনাওঁ নকৰে। কাৰণ বৰ্তমান সময়ত কোনো এজন ব্যক্তিয়ে নিজৰ নিজৰ স্থান, মৰ্যদা বা দক্ষতাবোৰক লৈ আত্ম সন্তুষ্টি নহয়। কিয়নো আমি প্ৰতিজন মানুহে কেবল আৰু লাগে, আৰু লাগে বুলি দৌৰি ফুৰিছো। মুঠতে চৌদিশে এতিয়া কেৱল মানুহৰ মাজত অসন্তুষ্টিৰ ভাব অত্যধিক ৰূপত উদয় হোৱা পৰিলক্ষিত হয় । সঁচা অৰ্থত কবলৈ গ’লে মানুহে বৰ্তমান নিজৰ যোগ্যতাতকৈ অধিক ৰূপত নিজৰ লগতে বাহ্যিক জগতৰ পৰা আশা কৰাত আগ্ৰহ প্ৰকাশ কৰিছে। কিন্তু এটা কথা মনত ৰাখিব যে, আপুনি বৰ্তমানে যিখন ঠাইত উপস্থিত আছে বা যিবোৰ কৰ্মৰ লগত জড়িত হৈ আছে সেই সকলোবোৰ আপোনাৰ নিজা যোগ্যতাবোৰৰ প্ৰতিফলন বা কৰ্ম ফল।
আপোনালোকৰ মনত হয়তো এতিয়া বহু ডাঙৰ এটা কৌতূহলৰ সৃষ্টি হৈ আছে যে,নিজৰ লগত যিমানখিনি আছে তাতে সন্তুষ্ট থকাটো কেনেকৈনো সম্ভৱপৰ নহয়নে ? আচলতে মই ইয়াতে কোনো ধ্যান,আসন বা তন্ত্ৰ,মন্ত্ৰ, সিদ্ধিৰ উপৰত আলোচনা কৰিবলৈ ইচ্ছুক নহয়। মই ইয়াতে কেবল নিজৰ প্ৰয়োজন অনুসৰি মানসিক চিন্তাধাৰাবোৰ সালসলনি কৰাৰ প্ৰতিহে দৃষ্টিগোচৰ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ। আমি প্ৰায়বোৰ মানুহে জীৱন নিৰ্বাহ কৰিবলৈ যাওঁতে সদায় আমি আমাতকৈ উচ্চ শ্ৰেণীৰ লগত নিজকে তুলনা কৰিবলৈ ধৰো। কিন্তু সুন্দৰভাৱে জীৱন নিৰ্বাহ কৰিবলৈ হ’লে অৰ্থাৎ আত্ম সন্তুষ্টিৰ সৈতে জীৱন পৰিচালিত কৰিবলৈ হ’লে আমি পৰাপক্ষত নিজাকৈ সদায় নিম্ন স্তৰৰ বা একেবাৰে অসহায়,বিকলাংগ মানুহৰ জীৱন নিৰ্বাহ প্ৰনালীৰ ওপৰত দৃষ্টি নিক্ষেপ কৰা উচিত হ’ব। দ্বিতীয়তে আমি নিজৰ লগত যিমানখিনি আছে তাতে সন্তুষ্ট থাকিবলৈ হ’লে নিজৰ পৰিসীমাৰ বাহিৰত বা নিজে সহজলভ্য ভাবে আয়ত্ব কৰিব নোৱাৰা লক্ষ্য বা উদ্দেশ্য প্ৰাপ্তিৰ পৰা নিজকে আঁতৰাই ৰখা উচিত হ’ব। হয়তো এতিয়া আপোনালোকৰ মনত অন্য এটা প্ৰশ্নৰ উদ্ভৱ হৈছে যে,জীৱনত ডাঙৰ কিবাকিবি আয়ত্ব কৰাৰ সপোন ৰচিবলৈ লোৱাটো উচিত নহয় নেকি ? আচলতে মই কোৱাৰ তাৎপৰ্য এইটো নহয় যে, আপুনি একেবাৰে জীৱনক প্ৰগতিৰ পথত লৈ যোৱাৰ সপোনবোৰ দেখিবলৈ এতিয়াই এৰি দিয়ক । অৰ্থাৎ জীৱনত ডাঙৰ কিবা আয়ত্ব কৰাৰ সপোন দেখা কোনো বেয়া কথা নহয় কিন্তু জীৱনত সপোনবোৰ সদায় দিঠকত পৰিণত কৰিবলৈ হ’লে একেবাৰে সৰু,সৰু লক্ষ্যস্থান স্থিৰ কৰি আগবাঢ়ি যোৱা উচিত হ’ব। ইয়াৰ ফলত নিজৰ মানসিক সন্তুলন অক্ষুণ্ণ হৈ থাকে আৰু নিজৰ আত্ম সন্তুষ্টিৰ মাৰ্গত কোনো বাধা উৎপন্ন নহয়। আচলতে প্ৰতিটো কামে মুখেৰে প্ৰকাশ বা বাখ্যা কৰোঁতে বৰ সহজ হৈ পৰে। কিন্তু আমাৰ বাস্তৱ পৰিস্থিতিবোৰ নিজৰ সময় সাপেক্ষ কেতিয়াওঁ হৈ নপৰে। তথাপিও নিজৰ জীৱন শৈলীৰ মাজত কিছুমান দিশত বা নিজ নিজ চিন্তাধাৰাৰ মাজত কিছু সালসলনি কৰাৰ চেষ্টা অব্যাহত ৰাখিলেই অতি সোনকালেই প্ৰতিটো দিশতে সুফল পাবলৈ সক্ষম হ’ব পাৰিম।