চানমাৰিৰ ভাৰাঘৰত যুৱতীৰ ৰহস্যজনক মৃত্যু
ৰঙিলী বাৰ্ত্তাসেৱা- নৱবৰ্ষৰ প্ৰথম দিনটোতে মহানগৰীৰ এটা ভাড়াঘৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। চানমাৰিৰ কৰ্ণাচলৰ এটা ভাৰাঘৰত যুৱতীগৰাকীৰ আত্মহত্যা কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। চানমাৰিৰ নিজৰাপাৰৰ ব্লুবেল ৰেঙণি দয়াসাগৰ এপার্টমেণ্টৰ চতুৰ্থ মহলাৰ এইচ-৪ ব্লকত ভাৰাতীয় হিচাপে থকা পায়েল শইকীয়া নামৰ যুৱতীগৰাকীয়ে কি কাৰণত আত্মহত্যাৰ দৰে পথ বাছি ল’লে সেয়া এতিয়াও পোহৰলৈ অহা নাই। পায়েলৰ ঘৰ ছাত্ৰীবাৰীত। ঘটনাৰ বিৱৰণী অনুসৰি, কালি পুৱা ৯ মান বজাত মাতৃ দীপ্তি শইকীয়াই পায়েলক ফোন কৰিছিল যদিও কোনো সঁহাৰি পোৱা নাছিল। নিশা পুনৰ মাতৃয়ে পায়েলক ফোন কৰি সঁহাৰি নোপোৱাত সুৰক্ষা কৰ্মীগৰাকীক ভাৰাঘৰৰ দুৱাৰ ভাঙিবলৈ কয়। নিশা প্রায় ১ বজাত সুৰক্ষা কর্মীগৰাকীয়ে পায়েলৰ ভাৰাঘৰৰ দুৱাৰ ভাঙি ছীপ লৈ থকা অৱস্থাত পায়েলক প্রত্যক্ষ কৰে। ঘটনাৰ বিষয়ে সুৰক্ষা কর্মীগৰাকীয়ে পায়েলৰ মাতৃৰ লগতে চানমাৰি থানাৰ আৰক্ষীক অৱগত কৰে। ঘটনাস্থলীত চানমাৰি আৰক্ষী উপস্থিত হৈ ঘটনাৰ বুজ লৈ পুৱা দণ্ডাধীশৰ উপস্থিতিত পায়েলৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ অন্তত পৰিয়ালৰ লোকক গতাই দিয়ে। ঘটনা সন্দৰ্ভত হত্যাৰ সন্দেহত মাতৃয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।