নিচাসক্ত প্ৰেম
নাজবিন চুলতানা, বকতা
বহুদিনেইটো হ’ল পাহৰি যোৱা আপুনি নামৰ এটা শব্দ , এটা চৰিত্ৰ । কিন্তু আজি এটা ৰোমান্তিক বাৰ্তালাপৰ প’ষ্টে পুনৰ চকুলোৰ বাট ভেঁটিলে । সময়ৰ কুঠাৰেই আঘাত সানে আৰু সময়ৰ মলমেই আঘাত শুকুৱাই । এনে কিছুমান বাৰ্তালাপ আমাৰ মাজতো হৈছিল । এনে কিছু মুহূৰ্ত আমাৰ মাজৰ বিশেষ হিচাপে ভাবি লৈছিলো । পুৱাৰ অভ্যাস এটা মেছেজৰ “গুড মৰ্নিং” ….. !
( নাফিজাৰ অনুভৱ আজিৰ ।)
দিনটোৰ ব্যস্ততাৰ সীমা নাই তেওঁৰ ভাবিছিলো তথাপি ওলাই সময় কেইটামান মেছেজৰ ।
আয়ান – “পোৱালি ” ..
নাফিজা- ” মই পোৱালি নহওঁ ” (অলপ অভিমানেৰে)
আয়ান- ” তুমি পোৱালিয়ে মোৰ বাবে “।
নাফিজা- “মই বেয়া পাওঁ । পোৱালি মাতিলে ” ।
আয়ান- “মই মৰমতেহে মাতো । বাৰু দিয়া , কি কৰিছা এতিয়া ” ?
নাফিজা- “ক্লাছলে যাব ওলাইছো । আপুনি কি কৰিছে ” ।
আয়ান- “মই কাম আৰম্ভ কৰিছো সদায়ৰ দৰে । ক্লাছলে যাওঁতে ভাত খাই যাবা কিন্তু ” ।
নাফিজা- “ঠিক আছে বাৰু” ।
ক্লাছৰ পৰা অহাৰ খবৰ , ৰাতিৰ ভাত খোৱাৰ খবৰ … এইখিনিতেই বহুত বেছি ভাল লগা সোমাই আছিল।তেওঁৰ অতীতৰ সংগ্ৰাম , আগলৈ ৰচা সপোন মোৰ স’তেই শ্বেয়াৰ কৰিছিল সকলো বুলি । কেৱল মোৰ সতেই জীৱনৰ সকলো কথা , সকলো কল্পনা শ্বেয়াৰ কৰাত আটাইতকৈ সুখী হৈছিলো । সময়বোৰ লাহে লাহে বহুদূৰ আগবাঢ়িল । কিন্তু কথাবোৰ একে থাকিল । এদিন …. !
নাফিজা- ” আপোনাৰ ৰিপলাইবোৰ ইমান দেৰিত পাওঁ । কেতিয়াবা দুদিনলৈকে নাপাওঁৱে । মই মেছেজ নিদিলে বহুদিনলৈ খবৰ নাইকিয়া হয় । আকৌ কেতিয়াবা ভুমুকি ।”
আয়ান- “ওম” ।
নাফিজা- “কিয় ” ?
আয়ান- “মোৰ সময়ে এনেকুৱা । আগত কৈছোৱে তোমাক সেয়ে মোৰ সৈতে কোনো স্থায়ী নহয় । মই মোৰ কামক মেইন বুলি ভাবোঁ । সেয়ে কোনোবা থাকিলে থাকিব নাথাকিলে নাই । ”
নাফিজা- “অ’হ ” …!
নাফিজা- “ইমানদিনৰমূৰত মেছেজ কৰিছে অনলাইন হৈয়ো কথা পতা নাই লাষ্ট , মেছেজো চোৱা নাই । কি কৰিছেনো ?”
আয়ান- “ষ্টেটাছ চাই আছো ৰ’বা । ইমান বিয়াবোৰ ওলাইছে । বিয়া নোহোৱানেকি তুমি ?”
নাফিজা- “আপুনি আগতো কেইবাবাৰো মোক কৈছিল এই কথাষাৰ আৰু আজিও .. । কিয় মই আপোনাৰ জীৱনত থকা নথকা একো আহে নাযায় মানে ।”
আয়ান- “মোৰ কি আহে যাব । মই এইবোৰ নাভাবো । আৰু তুমি কি ক’ব খুজিছা ? এটা কথা আক’ তুমি মোক লৈ একো নাভাবিবা । যদি ভাবিছিলা তেন্তে পাহৰি যোৱা “।
নাফিজা – ……..! (আচৰিত ধুমুহা এজাক বলিব লাগিল চাৰিওকাষে । মাত্ৰ এটাই অনুভৱ মুখত যে “হে ভগৱান এইটো যে এটা সপোনহে হওক । মোক সাৰ পোৱাই দিয়ক পুনৰ একে মেছেজৰে সম্পৰ্কটো ৰৈ যাওক । এয়া যে এক সপোন হওক । “)
আয়ান- “কি হ’ল । একো নক’লা যে । কিবা ভাবিছা নেকি আক’ । পাহৰি যোৱা পস্তাবা পাছত । চোৱা ‘ তুমি বহুত ভাল ছোৱালী । বহুত ধুনীয়া । মোৰ ভাল লাগে তোমাক কিন্তু ভাল নাপাওঁ । তুমি বহুত ভাল ল’ৰা পাবা । মই উপযুক্ত নহয় তোমাৰ বাবে । মই আগতেও কৈছিলো মোৰ বহুত গাৰ্লফ্ৰেণ্ড আছিল আগত । কিন্তু সিহঁতৰ লগত খুউব বেছি ৬ মাহ , কিছুমানৰ সতে ১ বছৰ ২ বছৰ থকাৰ পাছত ভাল নাপাওঁ বুলি কৈ আকৌ বেলেগ ছোৱালীৰ সৈতে ফ্ৰেণ্ডশ্বিপ ফোনতে । মই স্থায়ীভাৱে থাকিব নোৱাৰো কাৰোৰ সৈতে । সেইদিনা মাৰ সৈতে ছোৱালী এজনী চাব গ’লো ভাল লাগিল ক’লো , মাহঁতৰ সকলোৰে ভাল লাগিল । কেইদিনমান পাছত ভাল নালাগিল কেন্সেল । তুমি বহুত ভাল ছোৱালী সেয়ে তোমাক স্পষ্ট কৰি দিছোঁ । মই ভাল ল’ৰা নহওঁ । মইয়ে ভাবি নাপাওঁ কিয় এনেকুৱা হয় মোৰ লগত । ”
নাফিজা- “একো নাই মই চম্ভালি ল’ম । মোক অলপ মাত্ৰ সময় দিয়ক । মই ঠিক কৰিম আপোনাৰ সকলো সমস্যা । প্ৰয়োজন হ’লে মোৰ সপোনো চেক্ৰিফাইজ কৰিম আপোনাৰ বাবে । এবাৰ সুযোগ দিয়ক প্লিজ ।”
আয়ান- “নোৱাৰা । তুমি বুজা নাই বিয়াৰ পাছতো মোৰ বেলেগ ছোৱালী ভাল লাগিলে তেনেকুৱা হ’বই ।”
নাফিজা- “এবাৰ মাথোঁ সুযোগ দিয়ক । মোক ইগনৰ নকৰিব প্লিজ । এনেকৈ ৰিপলাই নিদিয়াকৈ নাথাকিব । কষ্ট হয় বহুত । ”
আয়ান- “ঠিক আছে বাৰু । তুমি নিজৰ পঢ়াত মন দিয়া ” ।
কোনোৱে কয় সম্পৰ্ক এটা ধৰি বান্ধি ৰাখিব নোৱাৰি । স্ব ইচ্ছা আৰু নিঃস্বাৰ্থ ভালপোৱা উপযাচি খুঁজি পাব নোৱাৰি । এই সম্পৰ্ক থুনুকা হয় । মইয়ো ভাবিলো বহুত আৰু আঁতৰি আহিলো যেন…… বহুদূৰ ! তথাপি প্ৰেমৰ যেন অদ্ভুত এক নিচা তেওঁৰ । বহুদিনৰ মূৰত আকৌ মেছেজ আহিল –
আয়ান- “ডাঙৰ মানুহটো সেয়ে নামিতিল দেখিও ।”
নাফিজা- “মাতিব লাগে কিয় । কোন হয় মই আপোনাৰ যে মোৰ মাতষাৰৰ আশা কৰিছিল ।”
আয়ান- “আৰু ক’ৰ আছিল তোমাৰ ফটো মৰা বি এফ টো ?”
নাফিজা- “বিয়া বুলি গ্ৰোপ ফটো আছিল । আৰু বি এফ বুলি ভবাটো আপোনাৰ মুৰ্খামী । হ’লেই যেনিবা আপুনি কিবা ক’ব লাগে মই নাভাবো ।”
আয়ান- “তুমি আছিলা বাবেই মই ওচৰলৈ গৈ বহিছিলো তথাপি পাত্তা নিদিলা । ”
নাফিজা- “যেতিয়া যি ভাবিব লাগিছিল তেতিয়াই নাভাবিলে । এতিয়া এইবোৰৰ অৰ্থ কি ?”
আয়ান- “আৰে তুমি যাতে যা-তা নাভাবি নিজৰ কেৰিয়াৰত মন দিয়া পঢ়াত মন দিয়া , সেয়েহে তেনেকে কৈছিলো ।”
নাফিজা- “হুম যি বিচাৰিছিল সেয়া হৈ গ’ল । এতিয়া মই সুখী বহুত । শান্তি প্ৰত্যেক মুহূৰ্ত । কোনো চিন্তা নাই, কোনো বিৰক্তি নাই , কাৰোবাৰ কথাৰ বাবে পাব লগা দুঃখো নাই ।”
আয়ান- “সলনি হ’লা বহুত” ।
নাফিজা- “সময়ে কৰিছে । বাধ্যও হ’লো । বিচাৰো আগলৈ এনে ধৰণৰ অভিযোগ দ্বিতীয়বাৰ নাপাওঁ । মেছেজৰো আশা নকৰোঁ । ”
আয়ান- “ইমান সলনি হ’লা । ”
নাফিজা- ……
নোৱাৰে চাগে সকলোৱে সংগ্ৰামী সময়ছোৱাত সাহস হৈ বহুদূৰলে লগ দিবলৈ । নাই চাগে সেই শক্তি সকলোৰে প্ৰেয়সীৰ কান্ধত হাত থৈ সফলতাৰ শিখৰ অতিক্ৰম কৰাৰ । প্ৰয়োজন সময়ত এৰাপলীয়া কৰাতো প্ৰেম জানো এয়া নে তেওঁৰ নিচা ?