নিউজ এন ই ৩৬৫ সংবাদ গোষ্ঠীৰ সৌজন্যত বিশেষ বঁটা প্ৰদান অনুষ্ঠান
শৈলেন কুমাৰ, মিৰ্জা,ৰঙিলী বাৰ্ত্তাসেৱা- নিউজ এন ই ৩৬৫ নামৰ পৰ্টেল চেনেলটোৱে যোৱা ইং ২৯ জানুৱাৰী তাৰিখে পলাশবাৰী সমষ্টিৰ উদিয়মান যুৱ নেতা তথা অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় তথ্য প্ৰযুক্তি সম্পাদক জোন গোস্বামীক বিশেষ বটাঁ প্ৰদান কৰে।নিউজ এন ই ৩৬৫ সংবাদ মাধ্যমৰ বিশেষ বটাঁ প্ৰদান আৰু মিষ্টাৰ এণ্ড মিচ গুৱাহাটী অনুষ্ঠানটি গুৱাহাটী মহানগৰীৰৰ কলাক্ষেত্ৰৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় উক্ত অনুষ্ঠানত নিউজ এন ই ৩৬৫ৰ মুখ্য সম্পাদক,স্বত্বাধিকাৰী পুলক ডেকা, নিউজ এন ই ৩৬৫ ৰ মুখ্য পৰিচালন সঞ্চালক ডিম্পী হালৈ,বিশিষ্ট জ্যোতিষী পল্লৱ শাস্ত্ৰীয়ে বন্তি প্ৰজ্বলন কৰাৰ পাছতে জুবলি মালাকাৰে সত্ৰীয় নৃত্য পৰিবেশন কৰে। অনুষ্ঠানত সমাজকৰ্মী তথা জ্যোতিষী অপুৰ্ব দেৱ শৰ্মা, যুৱ উদ্যোগী নতাশা দাস, বিশিষ্ট উদ্যোগপতি জয়দেৱ নাথ, অধিবক্তা ধ্ৰুৱ বণিয়া,কৃতী শিক্ষক বিচিত্ৰ কুমাৰ, অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাক আৰু বিভিন্ন শিতানত বহু ব্যক্তিক নিউজ এন ই ৩৬৫ৰ বিশেষ বটাঁ প্ৰদান কৰা হয় লগতে সংবাদ জগতৰ লগত জড়িত সাংবাদিক কেইবাগৰাকীও সম্বৰ্ধনা জনোৱা হয়৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি এটি সাজ সজ্জ্বা প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ৷ সদৌ শেষত প্ৰতিযোগি সকলক পুৰস্কৃত কৰা হয়৷