নাৰী
নিৰ্মালি বৰা হাজৰীকা,নগাওঁ
নাৰী
তুমি সপ্তৰঙী ৰামধেনুৰ
বিচ্ছুৰিত বৰ্ণালী ;
মমতাময়ী মাতৃ।
তোমাৰ বুকুত জীৱনে পোখা মেলে
সপোনৰ ডেউকাই আকাশ চুমে।
ইতিহাসৰ পাতে – পাতে
তোমাৰ গৰিমা গাথা।
তুমি মৃত সঞ্জীবনী
জীৱনৰ প্ৰজ্জোলিত চাকি,
তথাপিও কিয় যুগে – যুগে বঞ্চিতা ধৰ্ষিতা তুমি ;
বুকুত বেদনাৰ এখনি নৈ
অহৰহ থাকে বৈ।
নিশাৰ অন্ধকাৰত সমাধিস্ত
হিয়াভগা আস্ফালন
কেতিয়াবা সতীত্বৰ অগ্নিপৰীক্ষা
কেতিয়াবা হস্তিনাপুৰৰ ৰাজসভাত
বিবস্ত্ৰা দ্ৰৌপদী ,
কিয় শিৰ নত আছিল মহামনিষী সকলৰ?
মৌন গাণ্ডীৱধাৰী অৰ্জুন,
এয়াই নেকি নাৰীৰ সন্মান ?