নাৰী: তুমি বৰ ৰহস্যময়ী
নাচিমা য়াচমিন,বিশ্বনাথ চাৰিআলি
নাৰী মানেই এক ৰহস্যময় চৰিত্ৰ। নাৰী এগৰাকী কেতিয়াবা হয় পৰে অধিক উগ্ৰ, তীব্ৰ। আন কেতিয়াবা শীতলা, শান্ত। কেতিয়াবা সাহসী, শক্তিশালী আন কেতিয়াবা আৱেগৰ নদী। ভালপোৱা আৰু যত্নই যিদৰে নাৰীক শান্ত নৈত পৰিণত কৰে ঠিক তেনেদৰে অৱহেলা, অপমান, অযত্নই মনৰ ভিতৰত আগ্নেয়গিৰি সৃষ্টি কৰে।
নাৰীয়ে সকলো পাৰে, নতুন জীৱ সৃষ্টি কৰাৰ পৰা আৰম্ভ কৰি আদৰ যত্ন, ভালপোৱা বিলাই সংসাৰ খনত শান্তিৰ নিজৰা বোৱাই আনে। ঠিক তেনেদৰে কিছু নাৰীয়ে বিধ্বংসী ভূমিকম্পৰ উদ্ভৱ কৰি সংসাৰ এখন ভাঙি চুৰ মাৰ কৰি অস্তিত্ব নোহোৱা কৰে।
আচলতেই নাৰী ৰহস্যময়ী। নাৰীক আপুনি যি উপহাৰ দিয়ে, তেওঁ তাৰ দুগুণ কৰি উভতাই দিয়ে। সেইয়া ভালপোৱা ই হওঁক বা অৱহেলা।