নাৰী তই অভাগী
দিপ্তী মনি গোস্বামী
লখিমপুৰ (লালুক)
নাৰী,তই কিয় জন্ম ল’লি নাৰী হৈ?
নাৰীৰো যে একেই শৰীৰ একেই তেজ-মঙহ,
কিমান জনে নো ভাৱে….
অনুভৱ কৰে উপলব্ধি কৰিব পাৰে!
তোৰ নাই অধিকাৰ
নাই স্বাধীনতা
নাপাৱ এষাৰি শালিনতাৰ মাত,
ওৰে জীৱন মাঁথো উপচি থাক জীয়া-যান্ত্ৰনাত!
জন্ম ঘৰখনৰ তই মাঁথো বোজা
সেয়ে সাবালিকাৰ প্ৰথম খোজতেই,
দায়িত্ব কেৱল দায়িত্ব সামৰা
অন্য এখন ঘৰলৈ উলিয়ায় দিয়া!
জনমে-মৰণে নাৰীৰ যিখন নিজৰ ঘৰ
তাত মাঁথো অভাৱ মৰম ভাগৰৰ!
নপৰে ভাগত চিকুন টোপনি
আনৰ সৈতে মিলা ভোকৰ কাঁহী এখনি!
দিনলিপিৰ সূচী-পত্ৰত আটাইতকৈ দীঘল শাৰী
বোৱাৰী পুৱাৰ পৰা নিশা বাৰ বজালৈ ধৰি,
হৃদয়ৰ দুখ-বেজাৰ বোৰ থাপিবলৈ নাই আহৰি
তই যে জন্ম ল’লি হৈ এজনী নাৰী!
তই মাঁথো এটি চাবি দিয়া পুতলা
যিটো চাবিৰ অনেক গৰাকী,
প্ৰত্যেক জনেই পকাই উশৃংখল থেৰাপি
তই মাঁথো সহি যা সহি যা অবিৰাম বিৰামহীন হৈ
কাৰণ তই যে এজনী নাৰী!
কেতিয়াও স্বাধীনতা নাপাৱ তই
অধিকাৰ নিদিয়ে তোক
কাৰণ,তই যে হ’ব নোৱাৰিলি
অৰ্থবান-সমৰ্থবান এজনী শৌৰ্যবান নাৰী!!
নাৰী তই অভাগী,
জনমে জনমে লাঞ্চিতা বঞ্চিতা তই
শোষিত তোষিত জীয়াৰী বোৱাৰী
আদৰৰ ভোকাতুৰ মাতৃ তই।
সহনশীলতা মমতাময়ী তোৰ হৃদয়ৰ বান্ধোন
বুকুৰ বৰ-ঘৰ চূৰ্ণ-বিচূৰ্ণ হয় শুনিলে সন্তানৰ কান্দোন
স্বামীৰ পৰিচাৰ্যত নকৰ ত্ৰুটি নিদিয় দেহালৈ কান
তোৰ ত্যাগ সাধনাৰ নাপাৱ কেতিয়াও উচিত সমীধান
নাৰী তই অভাগী আঁকৰী আজলী প্ৰাণ
দি যা দি যা মাঁথো সময়ৰ বলীদান,
নোটুকিবি চকুলো নকৰিবি অভিমান
নিশ্চয় তই বুজিছ তোৰ চকুপানীৰ নাই একো দাম!