নাৰী  – জ্যোতি জাগৃতি

নাৰী
 জ্যোতি জাগৃতি, ডিব্ৰুগড়, চাবুৱা
 নিজতেই নিজে এখনি সুগভীৰ স্ৰোতস্বিনী
যিয়ে বৈ যাব জানে সুখৰ এমুথন হেপাঁহ কঢ়িয়াই,
লগত লৈ এহেজাৰ দুখৰ উপনদী।।
সখীয়তী চৰাইজাক উৰি যায়
অদৃশ্য সীমনাৰ দক্ষিণীয়া চুবুৰীৰে আহি,
ঘোষণা কৰি থৈ যায় পূবৰ আকাশত যেন।।
সময়ত লিখা যাব স্বাধীন ভাৱে
নীলিমাৰ বুকুত নাৰীৰ জয়গানৰ হাজাৰটা কাহিনী,
নাৰী জীৱনৰ হাজাৰ খিলা মদৰুৱা পৃষ্ঠাৰ মাজতো
জিলিকি উঠা “এটি সুকোমল হাঁহি”।