নাৰী – কল্পনা দত্ত

নাৰী

কল্পনা দত্ত,গুৱাহাটী

নাৰীৰ জীৱন গাঁথা
ইমান সহজ নহয়
তুমি দেখাৰ দৰে
মোৰ কাহিনী নহয় ,
কেতিয়াবা শুনাম তোমাক
মোৰ অপ্ৰিয় কাহিনী ।

ত্যাগৰ অন্য এক নাম নাৰী
এচামৰ বাবে নাৰী
ছলনাময়ী, ৰহস্যময়ী
সেইচাম মানুহে এবাৰ
ভাবি চাইছেনে, নাৰী
সহনশীল , ধৈৰ্য্যশীল ।

নিৰ্যাতন, লাঞ্চিতা, অপমান
সকলো সহিব পাৰে, নাৰীয়ে
কৈশোৰ অৱস্থাৰ পৰাই
সহিব লাগে কিমানৰ কটু কথা!
যৌৱনৰ কথা নকলেওবা ।

স্বামীৰ ঘৰৰ অকথ্য নিৰ্যাতন
সন্তান নহ’লে কয় আকৌ
বাজী , কাঠ বাজী।
দহমাহ দহদিন গৰ্ভস্থ কৰি
সন্তানক লালন -পালন কৰাৰ পিছত
সন্তানেও কয় , কি কৰিছানো মোৰ বাবে ।

আধুনিকা , আভিজাত্যৰ মাজত থাকি
পুত্ৰ – বোৱাৰীয়ে এচাম নাৰীৰ বাবে
শেষ ঠিকনা বিচাৰি দিয়ে বৃদ্ধাশ্ৰম।

এয়াই হয়তো আধুনিক সমাজৰ
আমাৰ ওচৰে পাজৰে থকা
এগৰাকী নাৰীৰ, জীয়া ছবি ।