নাৰী – ইভা গন্ধীয়া ফুকন

 নাৰী 

 ইভা গন্ধীয়া ফুকন

নাৰী তুমি অনন্যা
মাতৃ ভগ্নী দুহিতা প্ৰেয়সী গণিকা আদি
ভিন্ন ৰূপে ভূষিতা
দেৱী দুৰ্গা কালী লক্ষ্মী সৰস্বতী আদি ৰূপে পূজ্যা
হাঁহি হাঁহি পান কৰা প্ৰসব বেদনা
সদ্যজাত সন্তানৰ প্ৰথম কান্দোনত মুখত হাঁহি বিৰিঙা তুমিয়েই মাতৃ
আঁচলত  থুপ খাই থকা মমতা
বিনামূল্যে উজগৰী নিশা বিলায় দিব পাৰা হেলাৰঙে
অলোক সামান্য সুন্দৰ্য
দেহৰ ভাঁজে ভাঁজে পৰিস্ফুট
নাৰী দেহৰ এই পৰিপূৰ্ণ মহিমা
পাশব বৃত্তি চৰিতাৰ্থ কৰিবৰ বাবে কেতিয়াও নহয়
হোৱা  অনুচিত
নাৰীয়ে দিব পাৰে সম্ভোগৰ আনন্দ
দিব পাৰে প্ৰেমৰ স্বৰ্গীয় জেউতি
দিব পাৰে জীৱন জীয়াৰ অঘোষ মন্ত্ৰ
নাৰী পুৰুষ উভয়ে উভয়ৰ পৰিপূৰক
তেনে কিয় নাৰী লাঞ্চিতা অৱহেলিতা
হতাশা জনৰ ৰুক্ষ হৃদয় মৰুত
নাৰীৰ প্ৰেমে ফুলাব পাৰে নতুন বিশ্বাসৰ ফুল
হৃদয়ৰ বেগবান প্ৰেৰণাৰ
বোৱতী সোঁতিত আত্মাগহন কৰি
মুক্তি লাভ কৰিব পাৰে জীৱন যাত্ৰাৰ
নাৰীৰ সৱলীকৰণ শ্ল’গানতে আবদ্ধ নহৈ
অনুমেয় হওক নাৰীৰ সৰ্বগুণ
সুন্দৰ হওক জগতখন।