নাৰী
আয়নাল হক , ধুবুৰী
হে নাৰী–
তুমি তুলনাবিহীন
কন্যা হৈ পিতৃ-গৃহ শুৱনি কৰি
পত্নী হৈ আহা পুৰুষৰ জীৱনলৈ।
সহধৰ্মিনীৰ ৰূপেৰে
স্বামীৰ বাওঁহাত হৈ
আগবাঢ়া জীৱন সংগ্ৰামত।
মাতৃৰ মমতাৰে
সন্তানক আৱৰি ৰাখি
পথ দেখুৱাই দিয়া জীৱন জীয়াৰ।
তুমি ধৈৰ্যৰ প্ৰতীক
সকলো সহি সহি
লোকৰ ঘৰখনকে লোৱা আপোন কৰি।
প্ৰেমিকা হৈ
কাৰোবাৰ হৃদয়ৰ গভীৰ কোণত
বোৱাব পাৰা অনুভৱৰ নৈ–!
জীপাল কৰিব পাৰা শুকান মৰু
সংগ্ৰামী জীৱনৰ প্ৰেৰণা হৈ।
তুমি নোহোৱা দুৰ্বল
অন্যায়, অত্যাচাৰৰ বাবে ঠিয় দি
প্ৰয়োজনত তুমি হ’ব পাৰা মহিকাসুৰ মৰ্দিনী।
তোমাৰ মহিমাৰে তুমি অনন্যা
হে নাৰী–
তোমাৰ নাই তুলনা…।