নাৰী
নাৰী তুমি শক্তি
আৰু ত্যাগৰ প্ৰতীক ,
ৰূপে-গুণে হৈ বিভূষিত ৷
তুমি হৈছা সন্তানৰ জন্মদাত্ৰী ,
হাস্যময়ী, কৰূণাময়ী ,
মমতাময়ী মাতৃ ৷
ধৈৰ্যশীলা, সহনশীলা ,
তুমি সৃষ্টিৰ আকৰ ,
অপৰূপা তুমি নাৰী
দয়াৰ সাগৰ ৷
তথাপিও নাৰী তুমি
উপেক্ষিতা, নিষ্পেষিতা
লাঞ্চিতা, বঞ্চিতা
কিয় হোৱা বাৰু?
নাৰী আজি স্বাধীন
জনসমাজত,
নিজকে চিনাকী দিয়ে
এই জগতত ৷
-অৰুণা গোস্বামী
তিতাবৰ