নাৰীৰ সৌন্দৰ্য বনাম সাজপাৰ
বিভিন্ন বিভূষণেৰে বিভূষিতা নাৰী আমাৰ সৃষ্টিৰ আদি শক্তি।সুন্দৰ আভূষণ তথা আ-অলংকাৰেই এগৰাকী নাৰীৰ সৌন্দৰ্য্যৰ মাপ-কাঠি,যি নাৰী গৰাকীৰ সৌন্দৰ্যত সোণত সুৱগা চৰাই | এই সাজ – সজ্জাবোৰো যে নাৰীৰ নিজৰেই সৃষ্টি তাক আমি অতীতৰ পৰা চলি অহা বিহু গীতবোৰৰ পৰাই অনুমান কৰিব পাৰো | সেয়ে বিহু গীতত গাইছে — ”খিতিক খিতিক কৰি অ’ লাহৰি তাঁতে নো বৈ আছিলা’…আকৌ ‘অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোতকৈ চেনেহৰ মাকো’ |এই খিতিক খিতিক , মহুৰা আদি শব্দবোৰ আমাৰ অসমীয়া নাৰীৰ হাড়ে হাড়ে সোমাই আছে।বিহু আহিল বুলিলেই আমাৰ নাৰী সমাজৰ গাত থাৱনি নাইকিয়া হয়।এফালে যদি ঢেঁকীৰ ধেংকুলুচ ধেংকুলুচ শব্দ আনফালে তাঁতশালৰ পৰা গাঁৱৰ গাভৰু তিৰোতাৰ খিতিক খিতিক শব্দ।কিন্তু সময়ৰ সোঁতত আমাৰ সমাজৰ পৰা এইবোৰ শব্দ প্ৰায় নাইকিয়াৰ দৰেই হৈছে।বৰ্তমান এইবোৰ মধুময় দিনৰ হয় এক নষ্টালজিক মূৰ্হুত নহয় এক আবেগভৰা স্মৃতি।অসমীয়া আৰু অসমীয়াৰ এই সাজযোৰৰ লগত অসমীয়াৰ স্বাভিমান জড়িত হৈ আছে।কিন্তু অতিকৈ দুখৰ বিষয় যে বিশ্বায়নৰ প্ৰবল গ্ৰাসত আমাৰ অসমীয়া সকলৰ সাজ-পাৰৰো পৰিৱৰ্তন ঘটিছে।কোনো কোনো ক্ষেত্ৰত পৰিৱৰ্তন গ্ৰহণীয়।কাৰণ আজিকালি আমাৰ মহিলা সকলো পুৰুষতকৈ কোনো গুণে কম নহয়,পুৰুষৰ সমানে সমানে কাম কৰিব পৰা হ’ল | তাৰোপৰি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতিৰ ফলত আজিৰ মহিলা গৈ চন্দ্ৰপৃষ্ঠ পাইছেগৈ।গতিকে আজিৰ মহিলাই সুবিধাৰ বাবে সাজপাৰৰ কিছু পৰিৱৰ্তন কৰিব পাৰে , কিন্তু ই সীমাৰ ভিতৰত থাকিলে ভাল মানে থকাটো দৰকাৰ।সাজপাৰযোৰেই নাৰীৰ সৌন্দৰ্য্যৰ প্ৰতীক।তাৰোপৰি বস্ত্ৰ হ’ল আমাৰ মৌলিক প্ৰয়োজন।কিন্তু একবিংশ শতিকাৰ এনে কিছু নাৰী আছে যি সাজপাৰ যোৰ পিন্ধিব লাগে বাবেহে পিন্ধাৰ দৰে।তেওঁলোকে নাজানে আবুৰতাই নাৰীক আৰু কিমান সৌন্দৰ্যশালী কৰি তুলিব পাৰে ।কাৰোবাৰ পিন্ধনক লৈ কিবা এটা কোৱাৰ আচলতে মোৰ কোনো অধিকাৰ নাই | তথাপিও কওঁ শালীনতা বজাই সাজপাৰযোৰ পিন্ধাটো এগৰাকী নাৰীৰ কৰ্তব্য।বৰ্তমান সময়ত দিনক দিনে বৃদ্ধি পোৱা ধৰ্ষণৰ বাবে শালীনতাও এক কাৰক বুলি গণ্য কৰিব পাৰো।আমি একবিংশ শতিকাৰ নাৰীয়ে পুখুৰীৰ পৰা পানী আনা,কলৰ পাৰত গৈ বাচোন ধোৱা , ব্ৰহ্ম পুৱাতে বা কাউৰীয়ে কা নৌ কৰোতেই হাতত বাঢ়নী ডাল লোৱা আদি কামবোৰ প্ৰায় সময়ৰ সোঁতত বিলীন হৈ যোৱাৰ দৰেই হ’ল দেখোন। কিন্তু মন কৰিবলগীয়া কথাটো যে সেই শতিকাৰ নাৰী সকলেও আমাৰ মেখেলা চাদৰযোৰ পিন্ধিয়েই সেইবোৰ কাম কৰিছিল।ঠিক সেইদৰে আমাৰ জনজাতীয় মহিলাসকলৰ মাজতো তেওঁ লোকৰ অতিকৈ মৰমৰ দখনাখনৰ জনপ্ৰিয়তা কমি অহা পৰিলক্ষিত হৈছে।আজিকালি আমাৰ সমাজৰ এনে এচাম নাৰী আছে যি নিজৰ আধুনিক মানসিকতা আৰু আভিজাত্য প্ৰকাশ কৰিবলৈ গৈ নিজৰ শৰীৰৰ অধিকাংশই উন্মুক্ত কৰি সাজপাৰ পৰিধান কৰে | কিন্তু তেওঁলোকে অনুধাৱন কৰিব নোৱাৰে যে ই সমাজৰ বাবে অশনি সংকেত কঢ়িয়াই আনিছে।যদিও খিতিক খিতিক শব্দই আমাৰ কাণত খুন্দা খোৱা নাই তথাপিও এতিয়াও এনে কিছু শিপিনী আছে যি ৰাতিয়ে দিনে ব্যস্ত হৈ পৰিছে আমাৰ মহিলা সকলৰ সাজপাৰযোৰ বোৱা কটা কৰাত।শেষত এইটোৱে কওঁ যে আমাৰ আইতাৰ মুগা সাজযোৰৰ পৰা সৰু ভণ্টিজনীৰ ৰিহাখনলৈকে সকলোকে জীয়াই ৰখাৰ প্ৰতিজ্ঞাবদ্ধ হওঁ আহক।
স্বাগতা বৰুৱা গোস্বামী
৮৭২১৮৮০৮২৪