নাৰীৰ মহিমা
অবুজ শিশুৰ দৰে
তোমাৰ আচৰণ
গোলাপৰ পাহিৰ দৰে কোমল হৃদয়
ওখ পাহাৰত থকা শিলৰ দৰে তোমাৰ কঠোৰ হৃদয়
তুমি নাৰী
তুমি বসুন্ধৰা!
ৰণাংগনত মুলাগাভৰু
নেতৃত্ব স্বদেশ প্ৰেমত তুমি কনকলতা
তুমি জাগৃত হ’লে ধ্বংস হয় অসুৰৰ ৰাজ্য।
স্থিৰচিত্তৰে দ্ৰৌপদী হৈ তুমি জগোৱা
নৱ প্ৰজন্মৰ
সুপ্ত প্ৰতিভাক
কৰি তোলা এটুকুৰা হীৰা
যিয়ে জিলিকাই তুলিব এই ধৰাক!
দুৰ্নীতি-অপৰাধৰে
এভাৰেষ্টৰ দৰে খ্যাতি-যশস্যা পোৱা সমাজৰ মহীষাসুৰক
বধ কৰিবলৈ দুৰ্গতিনাশিনী মা দুৰ্গাৰ বেশেৰে
সমাজত তুমি জাগ্ৰত হোৱা।
বসুন্ধৰাৰ বুকু সাৰুৱা বাবেই
মাতৃৰ কোলাত চিৰসেউজ এই বৃক্ষ-লতা
হে নাৰী তুমিও সাৰুৱা হোৱা
জ্ঞানৰে মধুৰ বচনেৰে
শিশু ৰূপী দেশৰ ভৱিষ্যতক গঢ়ি
লৈ আনা সমাজলৈ জ্ঞানৰ প্লাৱন।
আজি তুমি সফল
আকাশত উৰিবলৈ
ধুনীয়া ধুনীয়া কবিতাৰে
কাব্য জগতৰ ভঁৰাল চহকী কৰিবলৈ…
বসুন্ধৰা আইৰ অতুলনীয় বহন ক্ষমতাৰ
দৰে তুমি চিৰদিন সহনশীল হৈ
পোহৰাই তোলা এই ধৰাৰ মানৱক॥
কমলেশ কাঞ্চন