নামৰূপ সাৰ কাৰখানাক লৈ বিত্তমন্ত্ৰীৰ জীয়া ফাঁকি, বাজেট ধাৰ্য্য নকৰাকৈয়ে আগবঢ়ালে নতুন গোট স্থাপনৰ ঘোষণা, চতুৰ্থবাৰৰ বাবে প্ৰতাৰণা কেন্দ্ৰৰ

নামৰূপ সাৰ কাৰখানাক লৈ বিত্তমন্ত্ৰীৰ জীয়া ফাঁকি, বাজেট ধাৰ্য্য নকৰাকৈয়ে আগবঢ়ালে নতুন গোট স্থাপনৰ ঘোষণা, চতুৰ্থবাৰৰ বাবে প্ৰতাৰণা কেন্দ্ৰৰ
তীব্ৰ প্ৰতিক্ৰিয়া অসম জাতীয় পৰিষদৰ; কেন্দ্ৰীয় বাজেটক হতাশাজনক, বিহাৰমুখী, পুঁজিপতিক সন্তুষ্ট কৰা বাজেট আখ্যা

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সিতাৰমনে কেন্দ্ৰীয় বাজেটত অসমৰ নামৰূপ সাৰ কাৰখাানাত এটি নতুন গোট স্থাপনৰ প্ৰস্তাৱ কৰা কথাটোৰ আন্তৰিকতাত সন্দেহ ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে। দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিত কয়, “বিত্তমন্ত্ৰীয়ে নিজৰ বাজেট ভাষণত বছৰি ১২.৭ লাখ মেট্ৰিক টন ইউৰিয়া উৎপাদনৰ কৰিব পৰাকৈ নামৰূপত এটা নতুন গোট স্থাপন কৰিব বুলি ঘোষণা কৰিছে। কিন্তু এইটোয়েই পূৰ্বে ঘোষণা কৰা চতুৰ্থ গোটটো হয়নে নহয়, সেইটো স্পষ্টকৈ কোৱা নাই। লগতে উক্ত গোট স্থাপনৰ বাবে কিমান টকা ধাৰ্য্য কৰিছে সেইটোও কোৱা নাই। বাজেট ভাষণৰ অৰ্থই হৈছে টকা ধাৰ্য্য কৰা। কিন্তু নামৰূপৰ চতুৰ্থটো গোটত টকা ধাৰ্য্য কৰা সন্দৰ্ভত বিত্ত মন্ত্ৰীয়ে স্পষ্টকৈ একো কোৱা নাই। গতিকে তেওঁৰ কথাটোত আমি আশ্বস্ত হ’ব পৰা নাই। কাৰণ ইয়াৰ পূৰ্বে তিনিবাৰ তিনিগৰাকী গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় মন্ত্ৰীয়ে নামৰূপত চতুৰ্থটো গোট স্থাপনৰ ঘোষণা কৰিছিল। ২০১৭ চনত তেতিয়াৰ কেন্দ্ৰীয় উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী সুৰেশ প্ৰভুয়ে, ২০২০ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী সদানন্দ গৌড়াই আৰু ২০২১ চনত কেন্দ্ৰীয় সাৰ মন্ত্ৰী মনছুখ মাণ্ডব্যই ৪ৰ্থটো গোট স্থাপনৰ ঘোষণা কৰিছিল। কিন্তু এটাও কাৰ্য্যত ৰূপায়িত নহ’ল। গতিকে বাজেট ধাৰ্য্য নকৰাকৈ সাৰ কাৰখানাৰ নতুন গোট স্থাপনৰ প্ৰস্তাৱ কিমান বাস্তৱসন্মত, সেয়া এতিয়াই কোৱা টান।” জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে লগতে কয় যে আজিৰ কেন্দ্ৰীয় বাজেটখনত নতুনত্ব বুলিবলৈ একো নাই৷ এখন হতাশাজনক আৰু নতুনত্বহীন বাজেট৷ বাজেটখনত ভাৰতীয় মানুহৰ অৰ্থনৈতিক হতাশাৰ ছবিখন স্পষ্ট ৰূপত প্ৰকট হৈ পৰিছে৷ অৰ্থনৈতিক স্থিতি শক্তিশালী কৰিবলৈ চৰকাৰৰ বাস্তৱসন্মত নীতি নাই৷ কৃষক আৰু নিম্ন মধ্যবিত্তৰ আশা-আকাংক্ষাক প্ৰতিফলিত কৰিব পৰা নাই এই বাজেটে৷”দেশৰ ১৪০ কোটি জনগণৰ ৮০ কোটি জনতাক এতিয়াও বিনামূলীয়াকৈ ৰেচন যোগান ধৰিব লাগে৷ অৰ্থাৎ, দেশত দৰিদ্ৰতা এইটো স্তৰত আছে৷ এনে অৱস্থাত আজিৰ বাজেটে দৰিদ্ৰতা নিৰ্মূলকৰণৰ বাবে কোনো ধৰণৰ আশা কঢ়িয়াব নোৱাৰিলে৷” – গগৈ আৰু ভূঞাই কয়। জাতীয় পৰিষদৰ মতে, এইবাৰৰ কেন্দ্ৰীয় বাজেটখন দেশৰ জনসাধাৰণৰ কল্যাণৰ উদ্দেশ্যে প্ৰস্তুত কৰা বাজেট হোৱা নাই, বৰং এইখন বিজেপি দলৰ নিৰ্বাচনী লক্ষ্য পূৰণৰ অৰ্থে বিহাৰমুখী বাজেটহে হৈছে। বিহাৰৰ বাবে বিভিন্ন আঁচনি আৰু প্ৰকল্প আগবঢ়োৱা কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিত্ত মন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ বাবে নামৰূপ সাৰ কাৰখানাৰ বিষয়ে কৰা অস্পষ্ট ঘোষণাৰ বাহিৰে আন একো উপহাৰ আগবঢ়োৱাৰ আন্তৰিকতা প্ৰদৰ্শন নকৰিলে। ঋণৰ বোজাত ককবকাই থকা দেশবাসীৰ বাবে কিছুমান চমক সৃষ্টিকাৰী ঘোষণাৰ বাহিৰে আন একো নাই বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই কয় যে দেশৰ জনতাই উৎপাদনমুখী এখন বাজেট আশা কৰিছিল। কিন্তু, সেয়া পোৱা নগ’ল৷ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও বিশেষ পেকেজ নাথাকিল আজিৰ বাজেটত৷ আনকি বিত্তমন্ত্ৰীয়ে উত্তৰ পূৰ্বাঞ্চলৰ নামটোকে উচ্চাৰণ নকৰিলে বুলি গগৈ আৰু ভূঞাই আক্ষেপ প্ৰকাশ কৰে। তেওঁলোকে কয় যে এইবাৰৰ বাজেটত সামাজিক ন্যায়, নিবনুৱা সমস্যা আদি মৌলিক বিষয়সমূহক লৈ কোনো পৰিকল্পনা দেখা নগ’ল। দৰিদ্ৰ তথা মধ্যবিত্তৰ জীৱন ধাৰণৰ মান উন্নত কৰিব পৰা কোনো বিষয়ৰ উল্লেখ নাথাকিল এই বাজেটত৷ কেৱল পুঁজিপতিক সন্তুষ্ট কৰিবলৈ প্ৰস্তুত কৰা হৈছে এই বাজেটত ‘পি পি পি মুড’ক শক্তিশালী কৰি পুজিপতিসকলক উপকৃত কৰা আৰু চৰকাৰী সম্পদৰ ব্যক্তিগতকৰণৰ নীতিক উৎসাহিত কৰাটোহে প্ৰতিফলিত হৈছে। মুঠতে, দেশৰ মৌলিক সমস্যাসমূহ দূৰীকৰণৰ বাবে চৰকাৰৰ যে কোনো ধৰণৰ সুস্পষ্ট তথা বিজ্ঞানসন্মত নীতি নাই – এই বাজেটেই সেয়া প্ৰমাণ কৰিলে বুলি উল্লেখ কৰি গগৈ আৰু ভূঞাই এইবাৰৰ বাজেটক সামগ্ৰিকভাৱে চৰ্বিত-চৰ্বণ বাজেট আখ্যায়িত কৰে।