নাজিৰা শিক্ষা খণ্ডৰ গ্ৰাম্য মণ্ডল সমল কেন্দ্ৰৰ বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱক সমাৰোহ সম্পন্ন
যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত নাজিৰা গ্ৰাম্য মণ্ডল সমল কেন্দ্ৰৰ উদ্যোগত সমল কেন্দ্ৰটোৰ বিদ্যালয় পৰিচালনা সমিতি আৰু অভিভাৱকৰ সমাৰোহখনি ৩ এপ্ৰিলত বাউলী মৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়।ছাত্ৰ-ছাত্ৰী সকলক শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত আগবঢ়াই নিয়া আৰু বিদ্যালয় পৰিচালনা সমিতি তথা অভিভাৱক অভিভাৱিকা সকলক কৃতজ্ঞতা জনোৱাৰ উদ্দেশ্যে অনুষ্ঠিত কৰা এই সমাৰোহৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি তথা বাউলী মৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অচ্যুত কলিতাই। স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে চেলেং পথাৰ মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষক মুলেশ্বৰ বৰুৱাই। গছপুলি ৰোপণ কৰে নাজিৰা গ্ৰাম্য মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সংগীতা গগৈয়ে। ইয়াৰ পিছতেই অভিভাৱক সকলৰ মাজত বিভিন্ন খেল-ধেমালি,মাতৃ গোটৰ দ্বাৰা পিঠা -পনাৰ প্ৰতিযোগিতা, বিদ্যালয় সমূহৰ পৰিচালনা সমিতি আৰু অভিভাৱকৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। সমাৰোহখনিৰ লগত সংগতি ৰাখি উদযাপন কমিটীৰ সভাপতি অচ্যুত কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সংগীতা গগৈয়ে কয় যে, নতুন শিক্ষা বৰ্ষৰ আৰম্ভণিতে বিদ্যালয়ৰ পৰিচালনা সমিতি , অভিভাৱক সকলক গুৰুত্ব প্ৰদান আৰু সন্মান প্ৰদৰ্শন কৰি তেওঁ লোকৰ দায়িত্ব আৰু কৰ্তব্যৰ প্ৰতি সচেতন কৰাই তেওঁ লোকৰ সহযোগত চৰকাৰী বিদ্যালয় সমূহৰ শিক্ষা ব্যৱস্থাক অধিক শক্তিশালী কৰাই এই সভাৰ মূল উদ্দেশ্য । সভাত মূলত বিদ্যালয় উন্নয়নত পৰিচানলা সমিতিৰ দায়িত্ব আৰু কৰ্তব্য আৰু ছাত্ৰ – ছাত্ৰীৰ শৈক্ষিক উত্তৰণত অভিভাৱকৰ ভূমিকা আদি বিষয় কেইটাত আলোচনা আগবঢ়াই জিলা আচঁনি বিষয়া অসীম বৰুৱা আৰু বীৰ লাচিত কলেজৰ প্ৰৱক্তা জয়ন্ত গগৈয়ে । ইয়াৰোপৰি বিদ্যা প্ৰৱেশ কাৰ্যসূচীৰ ওপৰত নাজিৰা শিক্ষা খণ্ডৰ সমল ব্যক্তি হৰেণ শৰ্মাই আলোকপাত কৰাৰ লগতে অৱসৰী প্ৰধান শিক্ষক ৰাজেন শৰ্মা , নাজিৰা শিক্ষা খণ্ডৰ সহকাৰী পৰিদৰ্শক দিলদাৰ হুছেইন আৰু বিশিষ্ট অতিথি সকলে অন্যান্য শৈক্ষিক দিশত বক্তব্য ৰাখে ।সভাত এখনি হাতেলিখা আলোচনী উন্মোচন কৰে নাজিৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ জীৱন কলিতাই। উক্ত সভাত সমাৰোহ উদযাপন কমিটীৰ সম্পাদক আদিত্য কুমাৰ গগৈ, নাজিৰা গ্ৰাম্য মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক সংগীতা গগৈ, সমগ্ৰ শিক্ষা শিৱসাগৰৰ জিলা আঁচনি বিষয়া অসীম বৰুৱা, নাজিৰা শিক্ষা খণ্ডৰ তথ্য ব্যৱস্থাপনা সমন্বয়ক চৈয়দ মহচিন হুছেইন, খণ্ড সমল ব্যক্তি হৰেন শৰ্মা, নাজিৰা গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰী নিপা বৰুৱা, অ,এন, জি, চি ৰ অৱসৰপ্ৰাপ্ত বিষয়া অজিত খাটনিয়াৰ, চি আৰ চি চি খাদিমুদ্দিন আহমেদ, উলিওৰ হুছেইন,বাউলী মৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী প্ৰধান শিক্ষয়িত্ৰী ৰেৱতী গগৈ, লাবণ্য দত্ত ফুকন, বাউলী মৈদাম উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি দিগন্ত মহন্ত, বামুন পুখুৰী চাহ বাগিছা আদৰ্শ বিদ্যালয়ৰ অধ্যক্ষ হৰি গগৈ সহ নাজিৰা গ্ৰাম্য মণ্ডল সমল কেন্দ্ৰৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক -অভিভাৱিকা তথা স্থানীয় ৰাইজ উপস্থিত থাকে।