নাজিৰাত ৰাজ যোগ প্ৰেক্ষাগৃহ মুকলি

নাজিৰাত ৰাজ যোগ প্ৰেক্ষাগৃহ মুকলি
পৰম সংযোগ লাভৰ বাবে সৰ্বময় ইতিবাচক ভাৱনাত সন্মিলিত হ’ল প্ৰজাপিতা বহ্মাকুমাৰীৰ ভাতৃ-ভগিনীসকল
যদুমণি হাজৰিকা ,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- এক সমগ্ৰ পাৰিৱেশিক স্বচ্ছতাৰ গুৰুত্বৰে আৰু মানুহৰ বিশ্বাসৰ আধাৰত আত্ম সাধনাৰে ঈশ্বৰৰ সৈতে সংযোগ স্থাপনৰ ক্ষেত্ৰত প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ।  অতি অনুপম ভাৱেই আত্মা আৰু পৰমাত্মাৰ মিলনৰ  হেতু  কৰি অহা ৰাজ যোগৰ সাধনাৰ বাবে নাজিৰাত ১২ মে’ত  মুকলি হ’ল  ৰাজ যোগ প্ৰেক্ষাগৃহ । নাজিৰা নগৰৰ ১০ নং ৱাৰ্ডৰ দেৱপথত নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াৰ আৰ্থিক অনুদান আৰু প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উদ্যমিতাত  নিৰ্মাণ হৈ উঠা প্ৰেক্ষাগৃহটিৰ  বিধায়ক দেৱব্ৰত শইকীয়াৰ উপস্থিতিত  প্ৰৱেশ পথৰ ফিটা কাটি আৰু বন্তি প্ৰজ্বলন কৰি উন্মোচন কৰে ৰাজযোগিনী বি কে ৰজনীয়ে  । শুভ্ৰ সুশোভিত মঞ্চত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিধায়ক দেৱব্ৰত শইকীয়া, মুখ্য বক্তা হিচাপে দিল্লীৰপৰা আমন্ত্ৰিত বি কে ৰাকেশ ভাই, ৰাজযোগিনী বি কে ৰজনী, বি কে অনিতা আদি ব্ৰহ্মাকুমাৰী ভগ্নীৰ লগতে বি কে সত্যনাৰায়ণ ভাই আদিয়ে । এক অস্পৃশ্যহীন আৰু সৰ্বময় ইতিবাচক ভাৱনাৰ আধাৰত শাৰীৰিক বৈভৱ পৰিহাৰ কৰি আত্মাক সুখ, শান্তি, জ্ঞান, আনন্দৰ আহাৰেৰে পৰিপূৰ্ণ কৰি ৰখাহে ব্যক্তিৰ কৰ্ত্তব্য । আত্মাই শৰীৰক চলাই ৰাখে । সেই আত্মাৰ পিতৃয়েই হ’ল ঈশ্বৰ ।  ব্যক্তিৰ ভিতৰৰ আত্মাৰ পৰিচৰ্য্যাৰে আত্মিক পৰিচয়  তুলি ধৰি পৰমাত্মা বা ঈশ্বৰৰ সৈতে সংযোগৰ বাবেই বিশ্বৰ প্ৰতিটো ধৰ্মৰ লোককেই প্ৰজাপিতা ব্ৰহ্মাকুমাৰী বিশ্ববিদ্যালয়ে অনুপ্ৰাণিত কৰি আহিছে বুলি বক্তা সকলে প্ৰকাশ কৰে  । এক আকৰ্ষণীয় বক্তব্য দাঙি ধৰি উন্মোচনী মঞ্চৰপৰা বক্তা সকলে চহৰ নগৰৰ প্ৰতিটো কোণতে গঢ়ি উঠা শ্বপিং মলত বহুমূলীয়া সুখ আৰু শান্তি বিক্ৰী কৰাটো অসম্ভৱ বুলি প্ৰকাশ কৰে । পিছে পৰিয়াল বা ব্যক্তিৰ চৰিত্ৰৰ উত্থান ঘটাবলৈ আৰু প্ৰতিখন সংসাৰ সুখময় কৰিবলৈ ৰাজযোগ সাধনাৰে প্ৰজাপিতা বহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ত কোনো ধন-ব্যয় অবিহনেই আধ্যাত্মিক শিক্ষা আৰু চৰিত্ৰ বল প্ৰদান কৰি অহা হৈছে বুলি কয় । সকলো ধৰ্মাৱলম্বীৰ লোককে এই শিক্ষা কেন্দ্ৰলৈ আগবাঢ়ি আহিবলৈ বক্তাসকলে আহ্বান জনায়. । বিধায়ক দেৱব্ৰত শইকীয়াই এলেকা উন্নয়ন পুজিৰপৰা প্ৰদান কৰা অনুদানৰ লগতে প্ৰজাপিতা বহ্মাকুমাৰী বিশ্ববদ্যালয়ৰ উদ্যোগত নিৰ্মিত নতুন প্ৰেক্ষাগৃহটিয়ে বিশাল অৰ্থত ৰাইজৰ কল্যাণ সাধিব বুলি আশা প্ৰকাশ কৰে । নাজিৰা, মৰাণ, সোণাৰিকে ধৰি দিল্লী, মুম্বাই আদি স্থানৰো ব্ৰহ্মাকুমাৰী ভাতৃ-ভগিনী সকলে অংশ গ্ৰহণ কৰি নাজিৰাৰ প্ৰজাপিতা ব্ৰহ্মাকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ চৌহদ আধ্যাত্মিক মাত্ৰাৰে পৰিপূৰ্ণ কৰি তোলে । শিশু আৰু ছাত্ৰ-ছাত্ৰী সকলৰ নৃত্য,ব্যায়াম, যোগ প্ৰদৰ্শন আদিয়ে অনুষ্ঠানটিৰ অনুপম মাত্ৰা দিয়ে । কাৰ্য্যসূচীৰ অন্তত শলাগৰ শৰাই আগবঢ়োৱাৰ লগতে অনুষ্ঠানটিয়ে আয়োজন কৰা ব্ৰহ্মাভোজনত সকলোৱে অংশ গ্ৰহণ কৰে ।