নাঙল বিহু- দিপ্তী মনি গোস্বামী

Pc 24livene.com

নাঙল বিহু            

  দিপ্তী মনি গোস্বামী
              লখিমপুৰ (লালুক) 

বহাগৰ সাত বিহুৰ সাত দিন
বিধে বিধে কৰোঁ আমি আয়োজন
পঞ্চম দিনৰ যিটো বিহুৰ দিন
নাঙল বিহু নামেৰে কৰোঁ অলংকৰণ।

কৃষি প্ৰধান ৰাজ্য অসমৰ আমি জনগণ
কৃষিয়েই আমাৰ জীৱনৰ জীৱিকা প্ৰধান
আশীৰ্বাদ  আমালৈ বহাগৰ প্ৰথমজাক বৰষুণ
বহাগৰ পঞ্চম দিনতে কৰোঁ নাঙল ধোৱা আয়োজন ।

নাঙল কোৰ কটাৰী জৱকা জুঁৱলী পানীৰে ধুই লৈ
নাঙল বিহুৰ দিনতে  এগছি বন্তি আগবঢ়াই লৈ
খেতিয়ক সাজু হয় বছৰ টোৰ কৃষি কৰ্ম কৰিবলৈ
পৰিয়াল পোষণৰ লগতে দেশৰ উন্নতি কৰিবলৈ।