নাগৰিক সমন্বয় ৰক্ষী সমিতিৰ মানৱ শৃংখল
ৰঙিলী বাৰ্ত্তাসেৱা– গুৱাহাটীৰ নাগৰিক সমন্বয় ৰক্ষী সমিতিৰ উদ্যোগত আজি খনীন্দ্ৰ লাল শৰ্মা, আব্দুল আহাদ, সমীক্ষ দাস, অবিনাশ শৰ্মাৰ নেতৃত্বত এক মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে।মাছখোৱাস্হিত শংকৰদেৱ উদ্যানৰ পদপথত হাতে হাত ধৰি শান্তি পূৰ্ণ ভাবে কাৰ্যসূচীত ভাগ লোৱা মানুহ বোৰৰ ডিঙিত একোখনকৈ বিভিন্ন শ্লোগানৰ ফ্লেগ ওলোমাই ৰাখিছিল। তেওঁলোকৰ দাবী ভৰলুমুখ, শান্তিপুৰ, মাছখোৱা, কুমাৰপাৰা, আঠগাঁও, ফটাশিল, ইত্যাদি অঞ্চলত ভয়াবহ যান যঁতৰ সমাধান কৰা আৰু ভূতনাথ বাছ আস্থানৰ পৰা মাছখোৱা লাচিতঘাত লৈ উন্নয়নৰ নামত সম্পূৰ্ণ পথচোৱা বন্ধ কৰি দিয়া কাৰ্যক বিৰোধ কৰে৷ প্ৰশাসনৰ হঠকাৰি সিদ্ধান্তৰ ফলত ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ জনতাই দুৰ্ভোগ ভূগিবলগা হৈ আছে বুলি অভিযোগ কৰে৷ স্থানীয় প্ৰায় ২০০ জ্যেষ্ঠ,কনিষ্ঠ, পুৰুষ মহিলাই অংশ গ্ৰহণ কৰা এই মানৱ শৃংখল কাৰ্যসূচী আছিল স্বতঃস্ফুত তথা শান্তি পূৰ্ণ। পূৰ্বে প্ৰশাসনক আবেদন নিবেদন কৰাৰ পাছতো কোনো গুৰুত্ব নিদিয়াত চৰকাৰৰ দৃষ্টি গোচৰ কৰিবলৈ এই কাৰ্যসূচী ৰূপায়ন কৰে বুলি উপস্থিত ৰাইজক অবগত কৰে। আৰু অতি শীঘ্ৰেই বন্ধ পথছোৱা খুলি দি সাধাৰণ জনতাক সকাহ দিব লাগে বুলি সকলোৱে একেমুখে দাবী উথাপন কৰে। কাৰ্যসূচী চলি থকাৰ সময়ত দাবী সম্বলিত এখন গোহাৰি আৰু এখন বিবৃতি পত্ৰ বিতৰণ জনসাধাৰণৰ মাজত বিতৰণ কৰে৷