নাগাচাকিয়ত ৭৬ তম পাৰমাণৱিক বোমা বিস্ফোৰণ বাৰ্ষিকীত পীড়িতসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়
অনলাইন বাৰ্ত্তাসেৱা – নাগাচাকিয়ত সোমবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা পাৰমাণৱিক বোমা বিস্ফোৰণৰ ৭৬ তম বাৰ্ষিকী উদযাপন কৰা হয় আৰু প্ৰাণ হেৰুওৱা হাজাৰ হাজাৰ লোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। চহৰখনৰ মেয়ৰ টমিহিচা টাউয়ে তেওঁৰ ভাষণত উল্লেখ কৰে যে জাপানে “উত্তৰ-পূব এছিয়াত পাৰমাণৱিক অস্ত্ৰ-মুক্ত অঞ্চল নিৰ্মাণৰ ওপৰত গুৰুত্ব দিয়া উচিত”। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াক পাৰমাণৱিক নিৰস্ত্ৰীকৰণৰ বাবে আৰু অধিক কাম কৰিবলৈ আহ্বান জনায়।
(UD.)