নতুন শিক্ষানীতিৰ অধীনত আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা
ৰঙিলী বাৰ্ত্তাসেৱা- আজিৰ পৰা অসমত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হৈছে। ৰাজ্যৰ মুঠ ৯১২ টা পৰীক্ষা কেন্দ্ৰত হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত এই পৰীক্ষাত মুঠ ৪,২২,১৭৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হ’ব। এইসকলৰ ভিতৰত মুঠ ১,৯৪,০৫৪ গৰাকী ছাত্ৰ আৰু ২,২৮,১২০ গৰাকী ছাত্ৰী আছে। উল্লেখ্য যে, বৰপেটা জিলাত সৰ্বাধিক ২৭,৬৪৭ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হোৱাৰ বিপৰীতে ৩,০৩৭ গৰাকী পৰীক্ষাৰ্থীৰে সৰ্বনিম্ন প্ৰাৰ্থীৰ সংখ্যা মাজুলীত আছে। পূৰ্বৰ তুলনাত এই বছৰ ৯ টা পৰীক্ষা কেন্দ্ৰ অধিক ৰখা হৈছে।এই বৰ্ষৰ পৰা নতুন শিক্ষা নীতি অনুসৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰা হৈছে। এই পৰীক্ষাত গণিত, ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়ত দুটা খণ্ড অৰ্থাত্ সংক্ষিপ্ত আৰু বৰ্ণনাত্মক প্ৰশ্নকাকত থাকিব। পৰীক্ষাৰ প্ৰশ্নকাকতত ৮ পৃষ্ঠাৰ খণ্ডত সংক্ষিপ্ত প্ৰশ্নসমূহ আৰু ১৬ পৃষ্ঠাৰ খণ্ডত বৰ্ণনাত্মক প্ৰশ্ন থাকিব। নিৰাপত্তাৰ বাবে প্ৰতিটো কেন্দ্ৰত চিচি টিভি কেমেৰাৰ ব্যৱস্থা কৰাৰ বিপৰীতে কেন্দ্ৰসমূহত জিলা প্রশাসনৰ ফালৰ পৰা ১৪৪ ধাৰা জাৰি কৰা হৈছে। লগতে পৰীক্ষা কেন্দ্ৰসমূহত চাইবাৰ চেলৰ প্ৰত্যক্ষ নিৰীক্ষণত থাকিব। এই পৰীক্ষা অহা ২০ মাৰ্চত অন্ত পৰিব আৰু ইয়াৰ দুমাহৰ ভিতৰত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব।