নতুন বছৰৰ সংকল্প – স্বাগতা বৰুৱা গোস্বামী

Pc The Business Journals

নতুন বছৰৰ সংকল্প

এতিয়া নতুনক আদৰাৰ সময় সমাগত।দিন আহে দিন যায় এনেকৈয়ে শেষ হৈ যায় একোটা দিন,মাহ আৰু একোটা বছৰ।ৰৈ যায় কেৱল মানস পটতত কিছু ভাল লগা আৰু বেয়া লগা স্মৃতিহে।বিগত বৰ্ষটোৰ শেষ প্ৰান্তত থিয় হৈ আমি হেৰাই যাবলৈ লোৱা বৰ্ষটোলৈ যদি এবাৰ চাওঁ দেখিম যে বছৰটোত বহুতো ভাল লগা আৰু বেয়া লগা খবৰে আমাৰ মন মগজুত ঠাই ল’বলৈ সক্ষম হ’ল।ক্ৰীড়াৰ পৰা পদ্মশ্ৰী, ভাৰতৰত্নলৈকে কেইবাটাও ভাল খবৰে আমাৰ অসমৰ নাম বিশ্বদৰবাৰত উজ্জ্বলাই তুলিলে।আনফালে বিগত বছৰটোত কেইবাটাও দুখজনক খবৰেও আমাক জোকাৰি গ’ল।হত্যা, গণ উন্মাদনা,ধৰ্ষণ,আত্মহত্যা ইত্যাদি।বছৰটোৰ আৰম্ভণিৰ পৰা কভিডে কোঙা কৰি বহুতৰে জীৱনলৈ নমাই আনিলে অমানিশা।কোনোৱে যদি মাক অথবা দেউতাকক হেৰুৱাইছে কোনোবা আকৌ ঘাট মাউৰা হৈছে আন কোনোবাই আকৌ পুত্ৰ শোকো পাইছে।ইমানখিনিৰ পিছতো কিন্তু দুখৰ বিষয় যে আমাৰ মানুহখিনিৰ মাজত আত্মহত্যাৰ প্ৰৱণতা উদ্বেগজনকভাবে বৃদ্ধি পাইছে।বিগত বৰ্ষটোত ৩৭৩টা আত্মহত্যা হোৱাৰ খবৰটো সঁচাই চিন্তনীয় হৈ পৰিছে।
‘জীৱন জীৱন বৰ অনুপম’..বিজ্ঞসকলে কয়..সময়ৰ বাধা আতঁৰাই সৎ চিন্তাৰে আগবাঢ়ি সংগ্ৰাম জয় কৰাৰ অন্য এক নামেই জীৱন…এই বাক্যবোৰে আমাৰ নব প্ৰজন্মক আকৰ্ষিত কৰিব পৰা নাই নেকি বাৰু?মানুহ সামাজিক প্ৰাণী।সুখে-দুখে এই জীৱন।দুখ থাকিলেহে সুখ,হাঁহি থাকিলেহে যে কান্দোন এই সকলোবোৰ আমি আমাৰ প্ৰজন্মক বুজাব পৰা নাই নেকি বাৰু?এতিয়া আমি অভিভাৱকসকল বিশেষকৈ মাতৃ গৰকীয়ে বৰ্তমান হৈ থকা সমস্যাসমূহৰ পৰা আমি আমাৰ সন্তান সকলক কেনেকৈ আতঁৰাই ৰাখিব পাৰো সেই বিষয়ে চিন্তা কৰাৰ সময়হে আহি পৰিছে।যিহেতুকে আমি পিতৃ প্ৰধান দেশৰ বাসিন্দা, সেয়ে পিতৃসকলৰ ওপৰত সকলো দায়িত্ব নিদি আমি মাতৃসকলে আমাৰ সন্তানক অধ্যয়ন কৰিব পাৰিব লাগিব।তাহাঁতৰ ৰুচি,অভিৰুচিৰ বিষয়ে জানিব লাগিব।কেতিয়াবা কোনো সন্তানে কিবা জটিল সন্ধিক্ষণত পৰি মানসিক ভাৰসাম্য হেৰুৱাব পাৰে,তেনে সন্তানক কেনেকৈ মৰম,চেনেহেৰে সুস্থ পৰিবেশলৈ আনিব পাৰি তাৰ ব্যৱস্থা কৰিব লাগে,নহ’লে কেতিয়াবা তেনে সন্তানে আত্মহননৰ দৰে চৰম পন্থা বাছি ল’ব পাৰে।এই ক্ষেত্ৰত মনোবিজ্ঞানীসকলৰ পৰামৰ্শ ল’ব পাৰি।জীৱনত প্ৰত্যাহ্বান থাকিবই।সেই প্ৰত্যাবানক কেনেকৈ সহজে গ্ৰহণ কৰিব পাৰে তাৰ বাবে সৰুৰে পৰাই শিকাব লাগিব।বিশেষকৈ এগৰাকী কম বয়সৰ ছাত্ৰ-ছাত্ৰীয়ে যেতিয়া এই পথটো বাছি লয় তেতিয়া তেওঁৰ হয়তো তাৰ পৰা হোৱা মৃত্যুটো অনুধাৱন কৰিব পৰা ক্ষমতা নাথাকে ইয়ো এটা আত্মহননৰ কাৰণ হ’ব পাৰে।বাৰু যি কি নহওঁক এতিয়া নতুনক আদৰাৰ সময়।চাৰিওফালৰ নৈসৰ্গিক প্ৰাকৃতিক শোভাত নিজকে বিলিন কৰি দিয়াৰ সময়।একঘেয়ামী জীৱনশৈলীৰ পৰা শীতৰ কুৱঁলী সনা মিঠা আমেজ লোৱাৰ সময়।গতিকে এনে আমেজ সনা শীতৰ সেমেকা দিনকেইটাত অনুভৱৰ উম গাত মেৰিয়াই হাতত এপিয়লি গৰম চাহৰ লগতে কিছু ভাল লগা ৰসাল কথাৰে নতুনক আদৰো আহক।

স্বাগতা বৰুৱা গোস্বামী
৮৭২১৮৮০৮২৪