নগদ ধনসহ দিল্লীৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ দুই কৰ্মচাৰী গ্ৰেপ্তাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰৰ পুৱাৰে পৰা দিল্লীত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ আৰম্ভ হয়।ভোটদান আৰম্ভ হোৱাৰ পূৰ্বে নগদ ধনসহ আটক হ’ল দিল্লীৰ মুখ্যমন্ত্ৰী আতিশীৰ কাৰ্যালয়ৰ দুই বিষয়া।দিল্লীৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ত অৱগত কৰা হৈছে যে গ্ৰেপ্তাৰ হোৱা দুই ব্যক্তিৰ পৰা নগদ ৫ লাখ টকা জব্দ কৰা হৈছে৷আৰক্ষীয়ে জনোৱা মতে, ধৃত লোকসকল মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ কৰ্মচাৰী। ইয়াৰে এজন মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সহায়কৰ পদত আছে। দ্বিতীয়জন ব্যক্তি হৈছে গাড়ী চালক। দিল্লী আৰক্ষীৰ অতিৰিক্ত আয়ুক্ত ৰবি কুমাৰ সিঙে জনাই যে, গৌৰৱ আৰু অজিত নামৰ দুজন কৰ্মচাৰীয়ে বিপুল পৰিমাণৰ নগদ ধনসহ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত থকাৰ খবৰ পোৱা গৈছিল। এই খবৰ পোৱাৰ পাছতে আৰক্ষীয়ে তালাচী চলাই দুয়োজনকে টকাসহ গ্ৰেপ্তাৰ কৰে।