ধৰ্মগুৰু পোপ ফ্ৰাঞ্চিছৰ দেহাৱসান
ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে পুৱা ইষ্টাৰ উপলক্ষে বিশ্বৰ লক্ষাধিক লোকক আশীর্বাদ প্রদান কৰা পোপ ফ্রান্সিছৰ সোমবাৰে পুৱা ৭.৩৫ বজাত দেহাৱসান ঘটে। দীর্ঘদিন ধৰি অসুস্থতাত ভুগি থকা পোপ ফ্রান্সিছৰ ভেটিকানৰ কাছা ছাল্টা মাৰ্টাৰ বাসগৃহত বিয়োগ ঘটাৰ বাতৰিয়ে বিশ্বৰ কেথলিকক ম্রিয়মাণ কৰি তোলে। ৰোমান কেথলিক চার্চৰ ২৬৬সংখ্যক পোপৰ বিয়োগ বার্তাত বিশ্বজুৰি শোকৰ বন্যা বৈছে। ৮৮ বছৰ বয়সত দেহাৱসান ঘটা পোপ ফ্রান্সিছ প্রগতিশীল চিন্তা-চর্চা আৰু গভীৰ ধৈৰ্যৰ বাবে বিশ্বৰ সকলো শ্ৰেণীৰ নাগৰিকে গভীৰ শ্ৰদ্ধাৰ পাত্ৰ আছিল। চার্চ আৰু বিশ্বৰ ৰূপান্তৰৰ ব্যক্তি হিচাপে পৰিচিত পোপ ফ্রান্সিছৰ ১২ বছৰীয়া কাৰ্যকালৰ সময়ত যোৱা ১৪ ফেব্ৰুৱাৰীত অসুস্থ হৈ জেমেল্লি হাস্পতালত চিকিৎসাধীন হৈ অধিক সময় চিকিৎসালয়তে কটাবলগীয়াত পৰে। শ্বাস-প্রশ্বাসজনিত সমস্যাত ভুগি জেমেলি হাস্পতালত চিকিৎসাধীন হোৱা পোপ ফ্রান্সিছৰ পাছলৈ ডাবল নিম’নিয়াত আক্রান্ত হয়। চিকিৎসালয়ৰ আইচিইউৰ লগতে ভেন্টিলেটৰলৈ যোৱা পোপ ফ্রান্সিছৰ স্বাস্থ্য পাছলৈ সুস্থ হোৱাত ৩৮ দিনৰ অন্তত তেওঁক বাসভৱনলৈ অনা হয়। প্রায় অসুস্থ দেহাৰে বাসভৱনত থকা পোপ ফ্রান্সিছে দেওবাৰে ছেন্ট পিটাৰ্ছ স্কোৱাৰত সহস্রাধিকক সম্বোধন কৰি ইষ্টাৰৰ আশীৰ্বাদ দিয়ে। অনুৰাগীসকলে পোপ জিন্দাবাদ ধ্বনি দি পোপগৰাকীৰ দীৰ্ঘ জীৱনৰ প্ৰাৰ্থনা জনায়। ইয়াৰ পাছতে পোপ ফ্রান্সিছৰ সোমবাৰে পুৱা ৭.৩৫ বজাত দেহাৱসান ঘটে বুলি কার্ডিনেল কেভিন ফেৰেলে আনুষ্ঠানিকভাৱে ঘোষণা কৰে। এই বার্তা প্ৰকাশৰ পাছতে কেথলিক খ্রীষ্টানধর্মী লোকসকল শোকত ম্রিয়মাণ হৈ পৰে। ১৯৩৬ চনৰ ১৭ ডিচেম্বৰত জৰ্জ মেৰিঅ’ বাৰগ’গলিঅ’ হিচাপে আর্জেন্টিনাৰ বুয়েনছ আয়াছত জন্মলাভ কৰি ৰোমান কেথলিক চার্চৰ ২৬৬সংখ্যক পোপ হিচাপে নিযুক্তি লাভ কৰে। ২০১৩ চনত পোপ বেনেডিক্ট ষষ্ঠদশৰ পদত্যাগৰ পাছত আমেৰিকাৰ পৰা প্ৰথমগৰাকী পোপ হিচাপে দায়িত্ব গ্রহণ কৰে পোপ ফ্রান্সিছে। বিনয়ী, ধৈর্যশীল আৰু প্ৰগতিশীল চিন্তা-চৰ্চাৰ বাবে বিশ্ববাসীৰ মাজত পৰিচিত পোপ ফ্রান্সিছে ভেটিকানত সংস্কাৰৰ বাৰ্তা প্ৰেৰণ কৰিছিল। জলবায়ু পৰিৱৰ্তন, অর্থনৈতিক ন্যায়, প্রান্তীয় সম্প্ৰদায়ৰ অন্তর্ভুক্তিকে ধৰি বিভিন্ন ব্যতিক্রমী চিন্তা-ধাৰণাৰে পোপ ফ্রান্সিছে এক সংস্কাৰধৰ্মী ধাৰণা সম্প্ৰসাৰিত কৰিছে। দৰিদ্ৰক সহায়, দুর্নীতিৰ বিৰুদ্ধে সৰৱ পোপ ফ্রান্সিছে আনকি সকলোৰে বাবে গির্জাৰ দুৱাৰ খুলি দি মুক্ত মনৰ পৰিচয় দিছিল। বিতর্কিত এলজিবিটিকিউ সম্প্রদায়কে ধৰি বিভিন্ন নিষ্পেষিতজনক গির্জাৰ চৌহদলৈ বাট মুকলি কৰি দি বিশ্ব মানৱতাৰ পৰিচয় দাঙি ধৰিছিল পোপ ফ্রান্সিছে। পোপ ফ্রান্সিছৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে বিশ্ব নেতাসকলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ পৰা ইটালীৰ প্ৰধানমন্ত্ৰীলৈকে বিশ্বৰ দেশসমূহৰ মুৰব্বীয়ে পোপ ফ্রান্সিছৰ বিয়োগত শোক প্রকাশ কৰি তেওঁৰ অৱদানক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে। ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত পোপ ফ্রান্সিছৰ বিয়োগক লৈ শোকপ্রকাশ কৰি কয়- পোপ ফ্রান্সিছৰ বিয়োগত গভীৰ শোক পাইছোঁ। আন্তর্জাতিক কেথলিক সম্প্ৰদায়ৰ প্ৰতি সহমর্মিতা প্রকাশ কৰিছোঁ। ধৈর্য, বিনম্রতা আৰু আধ্যাত্মিক সাহসৰ বাবে পোপ ফ্রান্সিছ সদায়েই স্মৰণীয় হৈ থাকিব। যুৱ অৱস্থাৰ পৰাই ভগৱান যীশুখ্ৰীষ্টৰ শৰণাপন্ন হোৱা পোপ ফ্রান্সিছে দৰিদ্ৰ আৰু নিষ্পেষিতজনক আগবঢ়োৱা সেৱা বিশ্ববাসীয়ে সদায়ে সোঁৱৰণ কৰিব। নিষ্পেষিতজনক সদায়ে আশাৰ উদ্যম যোগাইছিল তেওঁ। যীশুৰ আদৰ্শৰ বাস্তৱ ৰূপ দিয়া নিবেদিত প্রাণ পোপ ফ্রান্সিছ। বিশ্বৰ দেশৰ মুৰব্বীসকলে শোক প্রকাশ কৰাৰ লগতে ক্রীড়া, সাংস্কৃতিককে ধৰি বিভিন্ন ক্ষেত্ৰৰ চেলিব্রেটীসকলেও পোপ ফ্রান্সিছৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
খ্ৰীষ্টিয়ান সকলৰ ৰোমান কেথলিক পন্থাৰ শীৰ্ষ ধৰ্মগুৰু পোপ ফ্ৰাঞ্চিছৰ দেহাৱসান।খ্ৰীষ্টান ধৰ্মগুৰুগৰাকীয়ে ৮৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। এক বিবৃতিত এই তথ্য প্ৰকাশ কৰিছে ভেটিকানে। তেওঁ দুবাৰকৈ নিউমোনিয়াত আক্ৰান্ত হৈছিল। ভেটিকানে পোপ ফ্ৰাঞ্চিছৰ মৃত্যুৰ খবৰ প্ৰকাশ কৰাৰ পাছতে বিশ্বজুৰি শোকৰ বন্যা বৈছে।উল্লেখ্য যে, ৰোমান কেথলিক গীৰ্জাৰ মুৰব্বী পোপ ফ্ৰান্সিছক ৰোমৰ জেমেলি চিকিৎসালয়ৰ পৰা আহিবলৈ দিয়া হৈছিল। তাত তেওঁ ৫ সপ্তাহ ধৰি নিউমোনিয়াৰ চিকিৎসা গ্ৰহণ কৰি আছিল। দেওবাৰে ভেটিকান চহৰৰ কাছা চান্টা মাৰ্টাস্থিত নিজ বাসগৃহত পোপ ফ্ৰান্সিছে শেষ নিশ্বাস ত্যাগ কৰে। সোমবাৰে পুৱা ৯.৪৫ বজাত কাছা চান্টা মাৰ্টাত কাৰ্ডিনেল কেভিন ফেৰেলে ঘোষণা কৰে যে, ‘অতি দুখেৰে পোপ ফ্ৰান্সিছৰ দেহাৱসানৰ কথা ঘোষণা কৰিছো। পুৱা ৭:৩৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। পোপ ফ্ৰান্সিছে নিজৰ সমগ্ৰ জীৱন ঈশ্বৰ আৰু গীৰ্জাৰ প্ৰতি উৎসৰ্গা কৰিছিল।