ধৰ্মক লৈ ৰাজনীতি কৰাত বিৰোধিতা এআইডিএচঅ’ৰ

ধৰ্মক লৈ ৰাজনীতি কৰাত বিৰোধিতা এআইডিএচঅ’ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সম্প্ৰতি ৰাজ্য চৰকাৰে অসমত কোনো হিন্দু মানুহে মুছলমান মানুহৰ ওচৰত মাটি বিক্ৰী কৰিলে বা কোনো মুছলমান মানুহে হিন্দু মানুহৰ ওচৰত মাটি বিক্ৰী কৰিব বিচাৰিলে মুখ্য মন্ত্ৰীৰ পৰা অনুমতি লব লাগিব বুলি যি বক্তব্য দাঙি ধৰিছে তাৰ তীব্ৰ প্ৰতিবাদ জনাই এছ ইউ চি আই (কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক চন্দ্ৰলেখা দাসে বাতৰি কাকতলৈ দিয়া এক বিবৃতিত কয় যে চৰকাৰৰ এই ধৰণৰ বিভাজনবাদী, উচটনিমূলক আৰু হঠকাৰী সিদ্ধান্তই ৰাজ্যত সাম্প্ৰদায়িক ঐক্য বিনষ্ট কৰি সংঘৰ্ষৰ পৰিবেশ সৃষ্টি কৰিব, যিয়ে শ্ৰমিক-কৃষক-কৰ্মচাৰী আৰু সাধাৰণ মানুহৰ জীয়াই থকাৰ দাবীত আন্দোলন গঢ়ি তোলাৰ ক্ষেত্ৰত মাৰাত্মক প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব।এই বাতৰি প্ৰকাশ হোৱাৰ পাছৰে পৰা সাধাৰণ মানুহ বিশেষকৈ মুছলমান মানুহৰ মাজত তীব্ৰ আতংময় পৰিস্থিতিয়ে বিৰাজ কৰিছে । ভাৰতীয় সংবিধান মতে প্ৰতিজন ভাৰতীয় নাগৰিকৰ দেশৰ ভিতৰত মাটি কিনা-বেচা কৰাৰ সাংবিধানিক আৰু গণতান্ত্ৰিক অধিকাৰ আছে। বিবৃতিটোত এই অন্যায়, অযৌক্তিক তথা তীব্ৰ বিদ্বেষমুলক সিদ্ধান্ত শীঘ্ৰেই প্ৰত্যাহাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে এই ধৰনৰ অন্যায় সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন গঢ়ি তোলাৰ বাবে আগুৱাই আহিবলৈ জাতি-ধৰ্ম- ভাষা-বৰ্ণ-গোষ্ঠী নিৰ্বিশেষে ৰাজ্যৰ সৰ্বস্তৰৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়৷