ধূলিৰে আবৃত আমাৰ এই ধৰা
বিশ্বজিৎ বৈশ্য
বংশৰ(শুৱালকুছি)
চাৰিওফালে এতিয়া ধূলিৰ ধুমুহা। এই মনোমোহা সৌন্দর্যৰে ভৰপূৰ পৃথিৱীখন যেন এতিয়া কপাই তুলিছে ধূলিৰ ধুমুহাই। গছ-গছনিৰ ঢোৱলি ৰূপ, বায়ুৰ বগা আৱৰণ আৰু প্ৰাকৃতিক সৌন্দর্যবৰ্ধন সকলোবোৰ ঠাই এতিয়া ধূলিৰকণাৰে আবৃত হৈ থকা দেখা যায়। দিনৰ ভাগত স্পষ্ট ভাৱে দেখাপোৱা যায় যদিও ৰাতি কিন্তু সম্পূর্ণ ইয়াৰ বিপৰীত ছৱি। বসন্ত কালত চৌপাশৰ আকাশ মেঘাচ্ছন্নৰ বিপৰিতে ধূলিৰ ধুমুহাই আৱৰি ধৰা দেখা যায়। পুৱাৰে পৰা ৰাতিলৈ এই বিনন্দীয়া পৃথিবীখনত আমাৰ দৈনন্দিন জীৱনৰ সকলোবোৰ কাম-কাজ সুন্দৰভাৱে চলি গৈ থাকে, কিন্তু আমি সেই শূণ্যত ভাহি থকা ধোৱলিবোৰ প্ৰত্যক্ষ নকৰো।