ধূলিকণা- কমলেশ কাঞ্চন

Pc The Hans India

ধূলিকণা

এটি সৰু ধূলিৰ কণিকা
খিৰিকীৰ ফাঁকেৰে আহি মোৰ লগত খেলি আছে।

ৰ’দৰ পোহৰত মোৰ সৰু পঁজাত হোৱা
সৰল ৰেখাত নাচি আছে। মই সুধিলো
কি নাম তোমাৰ ? মোৰ নি:সঙ্গতাৰ সঙ্গী হোৱাৰ
প্ৰতিশ্ৰুতি দিবানে!

ৰাস্তাত খোজ কাঢ়ি যোৱা মানুহৰ মই সঙ্গী
শ্ৰমিক সকলে মোৰ সৈতে জীৱন ধাৰণৰ সপোন দেখে
বায়ুমণ্ডলৰ জীৱ-অণুজীৱৰ সৈতে মোৰ বন্ধুত্ব
শিশুৰ সবাতোকৈ আপোন
মই ধূলিকণা।

ধূলিকণা অকল মোৰ শুৱনি কোঠাতেই অহা নাই
ক’ত লিখকৰ বাবে ফাগুনৰ ধূলিকণাই লৈ আহিছে
এক সৃষ্টিৰ প্ৰেৰণা…

অসমৰ জনতাৰ এক চিনাকি নাম ধূলিকণা
বৰদৈচিলাই মাকৰ ঘৰত যোৱাৰ সময়ত পথৰ সঙ্গী
হয় এই ধূলিকণা।

কাৰ মিত্র নহয় এই ধূলিকণা। আমি ভালপোৱা আৰু
বেয়া পোৱাৰ কেতিয়াও খৱৰ নাৰাখে এই ধূলিকণা।
অদৃশ্য হাতেৰে সকলোকে মৰমৰ লিহিৰী আঙুলি বুলাই দিয়ে।

গছৰ শুকান পাতবোৰ
তললৈ সৰি পৰে
লঠঙা গছে বৃষ্টিৰ বাবে ৰৈ থাকে আৰু ধূলিকণাই সঙ্গ দিয়ে
দুয়ো একে সুৰত প্ৰাৰ্থনা কৰে
প্ৰকৃতি শস্য শ্যামলা কৰি ৰক্ষা কৰা এই ধৰিত্রীক।

নিজে সৃষ্টি হোৱা নাই ধূলিকণা
সৃষ্টিত অৰিহনা আছে মানৱৰ নিৰ্মীয়মান কাৰ্যৰ॥

 কমলেশ কাঞ্চন