ধুনীয়া ছোৱালীজনী
ৰশ্মি ৰেখা দুৱৰা
সহজ-সৰল মনৰ ধুনীয়া ছোৱালীজনী
সুন্দৰ চেহেৰাৰ সুঠাম দেহা
ডালিমগুটিয়া দাঁতৰ মিচিকিয়া হাঁহি
হৰিণী-নয়না তাইৰ চকুযুৰিৰ লাজুকি চাৱনি
মুখৰ মৌ বৰষা মাতৰ মাধুৰ্যতা
ডিঙিৰ গলৰ মণিৰ আকৰ্ষণীয়তা
হাতৰে আঙুলি পূবালী-পূবালী
ক’লা দীঘল চুলিকোছাৰ সৌন্দৰ্যতা
দেখাত সাইলাখ সৰগৰ অপেছৰী।
তাৰ মাজতেই লুকাই আছে বিষাদ
তাই মুখেৰে কথা ক’ব নোৱাৰে
তদুপৰি তাই বিশাল প্ৰতিভাৰ গৰাকী
জীৱন পথত সাৰ নামানি
বোৱাই নিছে জোনাকৰ মধুৰ ৰাগিণী।